শান্তি চুক্তিৰ এটা দফাও পূৰণ কৰা নাই চৰকাৰে কোকৰাঝাৰ, ৩১ মাৰ্চ :বিগত বছৰ অৰ্থাৎ ২০২২ চনৰ ১৫ ছেপ্টেম্বৰত নতুন দিল্লীত আদিবাসীসকলৰ ৮ টাকৈ সশস্ত্ৰ সংগঠনৰ সৈতে সম্পন্ন হৈছিল শান্তি চুক্তি (Govt peace accord with Adivasi militant group)। শান্তি চুক্তি স্বাক্ষৰ হোৱা ৬ মাহ উকলি যোৱাৰ পাছতো কিন্তু শান্তি চুক্তিৰ এটা দফাও কাৰ্যকাৰী নোহোৱাত দুখ প্ৰকাশ কৰিছে শান্তি চুক্তিত স্বাক্ষৰকাৰী সংগঠনসমূহে ।
বৃহস্পতিবাৰে বিয়লি কোকৰাঝাৰত আয়োজিত সংবাদমেলত বিৰছা কমাণ্ডো ফ'ৰ্চ (বিচিএফৰ) চিএনচি বীৰসিং মুণ্ডা, বিচিএফৰ অধ্যক্ষ দূৰ্গা হাসদা আৰু আকমাৰ উপ সৰ্বাধিনায়ক চুনকা হাসদাই কয় যে ২০২২ চনৰ ১৫ ছেপ্টেম্বৰত নতুন দিল্লীত আদিবাসীসকলৰ সশস্ত্ৰ সংগঠনৰ সৈতে সম্পন্ন হোৱা শান্তি চুক্তিৰ এটা দফাও বৰ্তমানলৈকে কাৰ্যকাৰী নোহোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয় (Peace accord clause not implemented)।
অসমৰ আন সশস্ত্ৰ সংগঠনৰ সৈতে সম্পন্ন হোৱা শান্তি চুক্তিৰ পাছত চুক্তিৰ দফাবোৰ ৰূপায়িত হৈছে যদিও আদিবাসী শান্তি চুক্তিৰ এটাও দফা ৬ মাহ উকলি যোৱাৰ পাছতো কিয় ৰূপায়ণ নহ'ল সেয়া অতি উদ্বেগজনক বিষয় বুলি মন্তব্য কৰিছে নেতাসকলে । যিখন আদিবাসী শান্তি চুক্তিয়ে কেৱল সশস্ত্ৰ সংগঠনকে নহয় আদিবাসী জনতাক মূলসুঁতিলৈ ঘূৰাই লৈ আহিছে তেনে এখন ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে নেতাসকলে ।
বিশেষকৈ আদিবাসী শান্তি চুক্তিৰ ৩.১ নং দফা আদিবাসীসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে অতি সোনকালে কাৰ্যকাৰী কৰিবলৈ দাবী জনাইছে নেতাসকলে (Peace Accord Signing Adivasi group of Assam)। ইফালে অসম চৰকাৰে বাজেট অধিৱেশনত আদিবাসী শান্তি চুক্তিৰ চাৰিটা দফা বাজেটত অন্তৰ্ভুক্ত কৰা কাৰ্যক আদৰণি জনাইছে শান্তি চুক্তি স্বাক্ষৰকাৰী সংগঠনৰ নেতাসকলে । ইয়াৰে ৩.১ নং দফাৰ আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদ অতি শীঘ্ৰে গঠন কৰিবলৈও সংগঠনসমূহে দাবী উত্থাপন কৰিছে ।
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা আৰু ভৰষা আছে বুলি সংবাদমেলত উল্লেখ কৰি শান্তি চুক্তিত স্বাক্ষৰকাৰীসকলৰ ভিতৰতে যোগ্যজনক আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদত মনোনিত কৰিবলৈ নেতাসকলে আহ্বান জনায় । আনহাতে অহা ৪ এপ্ৰিলত গুৱাহাটীত সকলো আদিবাসী জাতীয় সংগঠন, বুদ্ধিজীৱীক লৈ নাগৰিক সভা আয়োজন কৰা হৈছে বুলিও উল্লেখ কৰে শান্তি চুক্তি স্বাক্ষৰকাৰী সংগঠনৰ নেতাসকলে ।
আনহাতে আদিবাসীসকলৰ জনজাতিকৰণৰ বিষয়টোক গুৰুত্ব সহকাৰে ল'বলৈ চৰকাৰক আহ্বান জনাইছে । সংবাদমেলত বিচিএফৰ চিএনচি বীৰসিং মুণ্ডা, বিচিএফৰ অধ্যক্ষ দূৰ্গা হাসদা, আকমাৰ উপ চিএনচি চুনকা হাসদা, আনলাৰ অধ্যক্ষ অমৃত বেক, সিনেশ হেমব্ৰম, বাদল টুডু, জাগিৰ চৰেন আদিকে ধৰি শান্তি চুক্তি স্বাক্ষৰকাৰী আন সংগঠনৰ নেতাসকল উপস্থিত থাকে ।
লগতে পঢ়ক :Delhi CM Assam visit: ২ এপ্ৰিলত গুৱাহাটীত বিশাল জনসভাত সম্বোধন কৰিব অৰবিন্দ কেজৰিৱালে