কোকৰাঝাৰ, 30 : হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ ১৭ বছৰীয়া শাসনকালত উন্নয়নৰ প্ৰকৃত ছবি দেখিলে আপোনাৰ চকু কপালত উঠিব ৷ বি টি আৰৰ পৰ্বতঝোৰাৰ দেবীতোলা উন্নায়ন খণ্ডৰ ৰাস্তা-ঘাট, দলঙৰ অৱস্থাই জলাকলা খুৱাইছে ৰাইজক ৷ ১ নং পৰ্বতঝোৰাৰ মদাতী ভি চি ডি চিৰ মদাতী গাঁৱৰ এখন কাঠৰ দলং আৰু গাঁওখনৰ ৰাস্তাৰ বিধ্বস্ত ৰূপৰ ছবি সাংবাদিক কেমেৰাত বন্দী হ’ল বি টি আৰত ১৭ বছৰীয়া বি পি এফ চৰকাৰৰ উন্নয়নৰ নমুনা ৷
বিপিএফ কৰ্মীৰ সমষ্টিতেই উন্নয়ন হোৱা নাই বাট-পথৰ - বি টি আৰ
বি টি চিৰ ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ দেৱীতোলা উন্নয়ন খণ্ডৰ ৰাস্তা-ঘাট-দলংৰ জৰাজীৰ্ণ অৱস্থা ৷ হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনকালত উন্নয়ন নহ’ল অঞ্চলটোৰ ৷
হাগ্ৰামাৰ ১৭ বছৰীয়া শাসন কালত যে বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে তাৰ প্ৰমান মদাতীৰ এইখন কাঠৰ দলং আৰু ৰাস্তা ৷ দলংখন নিৰ্মাণ কৰাৰ লগতে যাতায়ত কৰাৰ কাৰণে ভি চি ডি চি টোৰ ৰাস্তা সমূহ নিৰ্মাণ কৰাৰ বাবে পাৰিষদীয় সমষ্টিটোৰ বি পি এফ দলৰ প্ৰাৰ্থী তথা হাগ্ৰামাৰ খুৰশালীয়েক মুন মুন ব্ৰহ্মক ৰাইজে বহু বাৰ দাবী জনাইছিল ৷ কিন্তু কোনো ধৰণৰ সহাৰি পোৱা নাই ৰাইজে ৷ এইখন কাঠৰ দলংৰে দৈনিক হেজাৰ হেজাৰ লোক গৌৰীপুৰ,ধুবুৰী আৰু পৰ্বতঝোৰাৰ মহকুমাধিপতি কাৰ্যালয়লৈ যাতায়ত কৰে ৷ সেয়ে ক্ষোভিত হৈ পৰিছে এই অঞ্চলৰ লোক সকল ৷
লগতে পঢ়ক :ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ