কোকৰাঝাৰ, 14 মে':কোকৰাঝাৰ জিলাৰ বালাজান উপ আৰক্ষী চকীৰ অন্তৰ্গত হাইজ্ৰাইগুৰী গাঁৱৰ ধৰ্মতী ৰায়, তেওঁৰ পুত্ৰ ৰাজকুমাৰ ৰায় আৰু নাতিনী পবিত্ৰী ৰায়(৮)ৰ কৰুণ জীৱন গাথাই অন্তৰ সেমেকাই তুলিব আপোনাৰো । দৰিদ্ৰ ধৰ্মতী ৰায়ৰ অভাৱ অনাটনৰ সময়ছোৱাতে, দেহ ব্যৱসায়ীয়ে ধৰ্মতী ৰায়ৰ পুত্ৰ ৰাজকুমাৰ ৰায়ক কাম দিয়াৰ প্ৰলোভনেৰে লৈ যায় বহিঃৰাজ্যলৈ । বহিঃৰাজ্যলৈ নি ৰাজকুমাৰৰ এটা চকু ওলিয়াই নিয়ে সেইসকল দুষ্কৃতিকাৰীয়ে । তাতে আকৌ আনটো চকুৰেও দেখা নাপায় ৰাজকুমাৰ ৰায়ে ।
আনহাতে ধৰ্মতী ৰায়ৰ একমাত্ৰ ৮ বছৰীয়া নাতিনী জনীও হৈছে বিশেষভাৱে সক্ষম । ভাগ্যক ধিয়াই বুঢ়ীমাকে পুত্ৰৰ আলপৈচান ধৰি আছিল যদিও, এতিয়া ভূতৰ ওপৰত দানহ পৰাদি আগতকৈয়ো অধিক যতন ল'বলগীয়া হৈছে বিশেষভাৱে সক্ষম নাতিনী গৰাকীৰ । কিয়নো, যোৱা ২৭ ফেব্ৰুৱাৰীত ৮ বছৰীয়া নাতিনীৰ শৰীৰৰ নিম্নাশ অগ্নিদগ্ধ হয় । আইতাকে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও, এদিন চিকিৎসালয়ত ৰাখিয়েই ঘৰলৈ উভতাই আনে কণমানিজনীক । তেতিয়াৰে পৰা কণমানি নাতিনীজনীয়ে জুইয়ে পোৰা অংশ কলপাতেৰে বান্ধি ৰাখিছে । সঠিক চিকিৎসা অবিহনেই কলপাতেৰে জুইয়ে পোৰা অংশ বান্ধি ৰখাত, সম্প্ৰতি সেই ঘাঁ অধিক বিস্তাৰিত হোৱা পৰিলক্ষিত হৈছে । দুৰ্বিসহ যন্ত্ৰনাৰে জীৱন অতিবাহিত কৰা পৰিয়ালটোৰ থাকিবলৈ ভাল ঘৰ এটাও নাই বুলি ক'লেও বঢ়াই কোৱা নহ'ব । তদুপৰি খাবলৈ এসাঁজ ভাত নথকাৰ লগতে, কণমানিজনীৰ উন্নত চিকিৎসা কৰিবলৈয়ো পৰিয়ালটোৰ হাতত নাই সাঁচতীয়া ধন । নিম্নাংশ জুয়ে পোৰাৰ ফলত কলপাতকে পেন্ট বনাই বেকাকৈ খোজকঢ়া নাতিনী জনীৰো নাই পিন্ধিবলৈ এপদ ভাল কাপোৰ ।