মৰণফান্দত পৰিণত সাপকাটা-মাটিয়াপাৰাৰ একমাত্ৰ দলং : জনতাৰ দুৰ্ভোগ - বিটিচি উন্নয়ন
বিটিচি উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙালে গুৰুফলা নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ দলঙে ৷
গোসাঁইগাঁও,30 জুলাইঃ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত সাপকাটা আৰক্ষী চকীৰ সমীপৱৰ্তী সাপকাটা-মাটিয়াপৰাৰ একমাত্ৰ দলঙৰ দুৰৱস্থাৰ ফলত যমৰ যাতনাত ভুগিছে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় 30-35 খন গাঁৱৰ ৰাইজ । অঞ্চলটোৰ এই জলন্ত সমস্যাৰ বিষয়ে ভুক্তভোগী ৰাইজে সময়ে সময়ে স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো অকল প্ৰতিশ্ৰুতিৰ বাহিৰে একো ব্যৱস্থা নকৰাত অতিষ্ঠ হৈ অৱশেষত সাংবাদিকৰ কাষ চাপিছে ৰাইজ । আনহাতে একাংশৰ অভিযোগ অনুসৰি ঠিকাদাৰৰ চৰম গাফিলতিৰ ফলতেই এইদৰে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণে । বৰ্তমান সময়ত হাৰাপুটা নৈ খনৰ একমাত্ৰ সংযোগস্থলী হৈ পৰিছে দলঙৰ অৱশিষ্ট কেইডালমান লো আৰু কাঠ ৷ উল্লেখ্য যে, এই দলঙৰ অৱশিষ্ট অংশৰ পৰা ইতিমধ্যে বহুলোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে কথমপি প্ৰাণৰক্ষা পৰিছে দুজন স্কুলীয়া ছাত্ৰৰ ৷ এতিয়া প্ৰশ্ন হয় , গুৰুফেলা নদীৰ ওপৰত থকা দলং খন শীঘ্ৰে নিৰ্মাণৰ ক্ষেত্ৰত বিটিচি চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়েহে ক’ব ৷