কোকৰাঝাৰ,29মাৰ্চ: নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এইবাৰ অতি চৰ্চিত কোকৰাঝাৰ সমষ্টিৰ আসন দখলৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰত নামিছে বিটিএডিৰ দুই ৰাজনৈতিক দল হাগ্ৰামা পন্থী বিপিএফ আৰু ইউ জি ব্ৰহ্মৰ ইউ পি পি এলয়ে । শুকুৰবাৰে অনুষ্ঠিত এক সভাত বি পিএফ, এ আই ইউ ডি এফ আৰু আদিবাসী জনগোষ্ঠীৰ প্ৰায় পাঁচ শতাধিক দলীয় কৰ্মী-সমৰ্থকে ইউ পি পি এল দলত যোগদান কৰে।
তুংগত কোকৰাঝাৰ সমষ্টি দখলৰ যুঁজ - election
শুকুৰবাৰে এফালে বি পিএফ, এ আই ইউ ডি এফ আৰু আদিবাসী জনগোষ্ঠীৰ পৰা প্ৰায় পাঁচ শতাধিক দলীয় কৰ্মী, সমৰ্থকে ইউ পি পি এলত যোগদান কৰাৰ বিপৰীতে আনফালে এম এল এ ৰাবিৰাম নাৰ্জাৰীৰ নেতৃত্বত চিটিলাত ফাঁকিৰাগ্ৰাম ব্লক বিপিএফৰ এক নিৰ্বাচনী প্ৰচাৰ কমিটি গঠন । কোকৰাঝাৰ সমষ্টি উদ্ধাৰৰ বাবে সৰৱ হৈ নিৰ্বাচনী নিজ নিজ দলৰ হৈ প্ৰচাৰত ব্যস্ত হাগ্ৰামা আৰু ইউ জি ব্ৰহ্ম৷
এই যোগদান সভাত ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰে৷ বিশেষকৈ কচুগাঁও বনাঞ্চলৰ মূল্যবান শাল গছ কাটি এবছু আৰু এন ডি এফয়ে ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰিছে বুলি বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যি অপপ্ৰচাৰ চলাইছে তাৰ প্ৰত্যুত্তৰত তেওঁ হাগ্ৰামাক তদন্তৰ আহ্বান জনায়৷ লগতে তেওঁ কয় যে হাগ্ৰামা মহিলাৰী শাসনত যদি কোনোবাই গছ কাটিছে তাৰ বাবে হাগ্ৰামা নিজে জগৰীয়া। কিয়নো বি টি চিৰ শাসনত আছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধিন বি পি এফ দল । গতিকে বনাঞ্চল ৰক্ষা কৰাটো হাগ্ৰামাৰ দায়িত্ব বুলি ইউ জি ব্ৰহ্মাই মন্তব্য কৰে ।