কোকৰাঝাৰ, ১৭ নৱেম্বৰ: প্ৰধান আচাৰ্যৰ বিভিন্ন খেলিমেলি তথা একনায়কত্ববাদীক লৈ বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন, শক্তি আশ্ৰমত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Shankardev Shishu Vidya Niketan) ৷ শিশু নিকেতনখনৰ প্ৰধান আচাৰ্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে বিদ্যালয় প্ৰাংগণত তীব প্ৰতিবাদ সাব্যস্ত কৰে অভিভাৱকসকলে ৷ প্ৰায় শতাধিক অভিভাৱকে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
প্ৰধান আচাৰ্য হাটাও শংকৰদেৱ শিশু নিকেতন বাচাও, প্ৰধান আচাৰ্যৰ একনায়কত্ববাদ নচলিব আদি ধ্বনিৰে প্ৰতিবাদকাৰী অভিভাৱকসকলে উত্তপ্ত কৰি তোলে শংকৰদেৱ শিশু নিকেতনৰ চৌহদ । অভিভাৱকসকলৰ অভিযোগ, শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত নতুনকৈ গঠন কৰিছে এখন পৰিচালনা সমিতি ৷ কিন্তু এই নৱগঠিত পৰিচালনা সমিতিখন প্ৰধান আচাৰ্যই একপক্ষীয়ভাৱে গঠন কৰিছে ৷ এই পৰিচালনা সমিতিখন গঠনক লৈ ৰাইজ তথা অভিভাৱকসকল অৱগত নোহোৱাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰিলে প্ৰতিবাদী অভিভাৱকসকলে (Parents protested against Principal) ৷
লগতে পঢ়ক:AAPLA Militants surrendered: আপলাৰ স্বয়ম্ভু উপ-সেনাধ্যক্ষসহ ৯ দুধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ