অসম

assam

ETV Bharat / state

কোকৰাঝাৰত বনৰৌ উদ্ধাৰ - বনৰৌ

কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 7 কি.এম. নিলগত থকা ভোটগাঁও অঞ্চলত এটা বনৰীয়া বনৰৌক লৈ ৰাতিপুৱাৰ পৰা হোৱা দুৱা। এটা প্ৰায় ডেৰ কি.জি. মান ওজনৰ বনৰীয়া বনৰৌটো চেৰ আলি নামৰ ব্যক্তি এজনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল।

কোকৰাঝাৰত বনৰৌ(Pangolin) উদ্ধাৰ

By

Published : Jun 13, 2019, 8:04 AM IST

কোকৰাঝাৰ, 12 জুন: কোকৰাঝাৰ ভোটগাঁওত বনৰৌ(Pangolin) উদ্ধাৰ। কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 7 কি.এম. নিলগত থকা ভোটগাঁও অঞ্চলত এটা বনৰীয়া বনৰৌক লৈ ৰাতিপুৱাৰ পৰা হোৱা দুৱা। এটা প্ৰায় ডেৰ কি.জি. মান ওজনৰ বনৰীয়া বনৰৌটো চেৰ আলি নামৰ ব্যক্তি এজনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল। প্ৰথমত ঘৰৰ পৰিয়ালে কোনেও নাজানিছিল জন্তুটো কি প্ৰজাতিৰ হয় পিছত বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক আহি বনৰৌটো চিনাক্ত কৰে ৷

কোকৰাঝাৰত বনৰৌ(Pangolin) উদ্ধাৰ

লগতে পঢ়ক: ইটিভি ভাৰতত AN-32ৰ উদ্ধাৰ অভিযানৰ সবিশেষঃ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙৰ ভাষ্য

প্ৰায় তিনি ঘণ্টাৰ পিছত বনবিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বনৰৌটো। পিচত বনবিভাগে কোকৰাঝাৰত থকা বন্যপ্ৰাণী অভয়াৰণ্য কাৰ্যালয় লৈ লৈ গৈ স্বাস্থ পৰিক্ষা কৰি বনৰৌটো চক্ৰশিলা অভয়াৰণ্যত এৰি দিয়ে।

ABOUT THE AUTHOR

...view details