অসম

assam

কোকৰাঝাৰত আয়োজন প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু পোষন অভিযানৰ কৰ্মশালা

By

Published : Jun 25, 2019, 7:59 AM IST

বিশেষকৈ কোকৰাঝাৰ আৰু চিৰাং এই দুখন জিলাৰ উন্নয়ন খণ্ডৰ সমাজ কল্যান বিভাগৰ লগত জড়িত থকা চি ডি পি অ আৰু আই চি ডি এছ কৰ্মকৰ্তাক লৈ আয়োজন কৰা হয় এই কৰ্মশালাখন ৷

কোকৰাঝাৰত আয়োজন প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু প'চন অভিযানৰ কৰ্মশালা

কোকৰাঝাৰ, 25 জুন: কোকৰাঝাৰত আয়োজন কৰা হয় প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (PMMVY) আৰু পোষন (POSHAN) অভিযানৰ ওপৰত এদিনীয়া কৰ্মশালা ৷ কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি কেইখন যাতে দেশৰ চুকে কোণে গাঁওসমূহত প্ৰচাৰ হয় বা প্ৰযোজ্য হোৱাৰ লক্ষৰে সোমবাৰে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত এদিনীয়াকৈ আয়োজন কৰা হয় এই কৰ্মশালা ৷ বিশেষকৈ কোকৰাঝাৰ আৰু চিৰাং এই দুখন জিলাৰ উন্নয়ন খণ্ডৰ সমাজ কল্যান বিভাগৰ লগত জড়িত থকা চি ডি পি অ আৰু আই চি ডি এছ কৰ্মকৰ্তাক লৈ আয়োজন কৰা হয় এই কৰ্মশালাখন ৷ অসম সমাজ কল্যান বিভাগৰ অতিৰিক্ত মুখ্য সচিব জীষ্ণু বৰুৱাকে ধৰি উপ সঞ্চালক নিভা দাস আৰু পি এম ভূঞাই আঁচনি দুখনৰ ওপৰত বিস্তিত ভাৱে বুজাই দিয়ে অংশগ্ৰহণ কৰা বিভাগটোৰ কৰ্মকৰ্তা সকলক ৷ অনুষ্ঠানটোত বিটিচিৰ কাৰ্য্যকৰী সদস্য দোণেশ্বৰ গয়াৰী, বিটিচিৰ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকনৰ লগতে উপস্থিত থাকে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰ ৷

কোকৰাঝাৰত আয়োজন প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু প'চন অভিযানৰ কৰ্মশালা

ABOUT THE AUTHOR

...view details