অসম

assam

ETV Bharat / state

কোকৰাঝাৰ দুই শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ - অমৃত দেৱনাথ আৰু সুদীপ মণ্ডলে

লক ডাউনে সৃষ্টি কৰিছে মানুহৰ মাজত কৰ্মদক্ষতা আৰু প্ৰতিভা ৷ কোকৰাঝাৰত অনলাইনত খাদ্য সামগ্ৰী বিক্ৰী কৰি উপাৰ্জনৰ পথ বাছি লৈছে দুই শিক্ষিত যুৱকে ৷

online marketing  two educated boy during lock down at kokorajhar
দুই শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Jul 10, 2020, 8:17 PM IST

কোকৰাঝাৰ, 10জুলাইঃ লক ডাউনে সৃষ্টি কৰিছে মানুহৰ মাজত কৰ্মদক্ষতা আৰু প্ৰতিভা ৷ কোকৰাঝাৰত অনলাইনযোগে খাদ্য সামগ্ৰী বিক্ৰী কৰি উপাৰ্জনৰ পথ বাছি লৈছে দুই শিক্ষিত যুৱকে ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ফলত দেশত জাৰি কৰা লক ডাউনে সাধাৰণ মানুহৰ দৈনদ্দিন জীৱনশৈলীৰ পৰিৱৰ্তন ঘটোৱাটোও স্বাভাবিক কথা হৈ পৰিছে ৷ কিন্তু লক ডাউনৰ সময়ছোৱাই প্ৰতিজন মানুহৰ মাজত বিৰাজ কৰা কৰ্মদক্ষতা, প্ৰতিভা বিকাশ কৰাৰ ওপৰিও মানুহক শিকাই গৈছে পৰিস্কাৰ পৰিচ্ছন্নতাৰে সমাজ সংস্কাৰ ৷ কৰ’ণা প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা লক ডাউনে সমাজখনত কঢ়িৱাই আনিছে কিছু ইতিবাচক দৃষ্টিভংগী ৷

কোকৰাঝাৰ দুই শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

কোকৰাঝাৰ চালাকাটিৰ দুই শিক্ষিত যুৱক অমৃত দেৱনাথ আৰু সুদীপ মণ্ডলে যোৱা লক ডাউনৰ সময়ছোৱাত অসম বজাৰ ডট কম এপ খুলি অনলাইনযোগে আৰম্ভ কৰিছিল খাদ্য সামগ্ৰীৰ বিক্ৰী ৷ যি সময়ত লক ডাউনে জনসাধাৰণক জুৰুলা কৰিছিল সেই সময়তে এক প্ৰশংসনীয় ব্যৱস্থা গ্ৰহণ কৰি আধুনিকভাৱে শাক-পাচলিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰীৰ আৰম্ভ কৰিছিল কোকৰাঝাৰ জিলাৰ বিভিন্ন ঠাইত ৷ ইতিমধ্যে অসম বজাৰ ডট কম এপটো অধিক জনপ্ৰিয় হৈ পৰিছে সমগ্ৰ জিলাখনতে। অমৃত দেৱনাথ বৰ্তমান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এম বি এ (MBA)ৰ ছাত্ৰ আৰু সুদীপ মণ্ডল ৰাজনীতি বিজ্ঞানৰ স্নাকোত্তৰ ডিগ্ৰীধাৰী। এই দুই শিক্ষিত যুৱকে এতিয়া প্ৰয়োজনীয় খাদ্য সামগ্ৰী ঘৰে ঘৰে যোগান ধৰিছে ৷ ইপিনে শিক্ষিত যুৱক কেইজনৰ কৰ্ম কৰাৰ হাবিয়াস আৰু প্ৰচেষ্টাক জিলাখনত সকলোৱে শলাগ লৈছে ৷

কোকৰাঝাৰ দুই শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ
লগতে পঢ়কঃ ৰাজ্যৰ সীমাৰ নিৰ্ধাৰণ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details