কোকৰাঝাৰ, 16 ডিচেম্বৰ :প্ৰমোদ বড়ো নেতৃত্বাধীন মিত্ৰ বিটিছি পৰিষদ (Promod Boro lead BTC council) ৰ সম্পূৰ্ণ হ’ল এটা বছৰ ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএছপি পৰিষদীয় চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি (One Year Completion of BTC council) উপলক্ষে বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে বিটিআৰ সচিবালয় প্ৰাংগণত আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচী ৷
বৰ্ষপূৰ্তি উপলক্ষে বিটিআৰ সচিবালয় চৌহদত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু পাৰিষদ সকলে জিলাখনৰ দিব্যাংগ সকলৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে (BTC Chief Pramod Boro takes meal with divyangas) । আহাৰ গ্ৰহণৰ পিছতে সংবাদমাধ্যমৰ আগত বিটিচিৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে বিটিআৰ অঞ্চলৰ দিব্যাংগসকলৰ শাৰীৰিক, মানসিক, শৈক্ষিক আৰু ক্ৰীড়াৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ।
ইয়াৰোপৰি বিটিআৰ সচিবালয়ত বিভিন্ন বিভাগৰ কাৰ্যবাহী সদস্য সকলে নিজৰ বিভাগৰ উন্নয়নৰ ক্ষতিয়ান দাঙি ধৰাৰ লগতে অনাগত সময়চোৱাত ল’বলগীয়া পৰিকল্পনাসমূহৰ বিষয়েও অৱগত কৰে । উল্লেখ্য যে, বৰ্ষপূৰ্তি উপলক্ষে বিটিআৰ (One year of Pramod Boro's BTC)ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ হকে ইউনিচেফ, চিইজিআইএচ, নেকটাৰৰ সতে তিনিখন চুক্তি হোৱাৰ কথাও সদৰী কৰে ।
লগতে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বুধবাৰে সন্ধিয়া বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিআৰ সচিবালয় প্ৰাংগণতে সাংবাদিকৰ সতে মতবিনিময়ৰ এক অনুষ্ঠানত অংশ লয় ৷ অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ, গোসাইগাঁও, দোতমা, কোকৰাঝাৰৰ সাংবাদিক সকলে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত কোকৰাঝাৰ প্ৰেছ ক্লাৱ (Kokrajhar press Club)ৰ তৰফৰ পৰা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস প্ৰমোদ বড়োক সম্বৰ্ধনাও জনোৱা হয় ।