কোকৰাঝাৰ, 16 জানুৱাৰীঃ শেহতীয়াকৈ এনডিএফবি (এছ)গোটে ম্যানমাৰ ত্যাগ কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাৰ প্ৰসংগ উত্থাপন কৰিছে ৷ যিটো সময়ত শান্তি আলোচনাৰ প্ৰসংগ উত্থাপন হৈছে তেনে সময়তে বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ নামনি অসমৰ কোকৰাঝাৰ জিলাত বুধবাৰে নিশা সেনা আৰু আৰক্ষীৰ গুলিত নিহত হয় এগৰাকী এনডিএফবি(এছ) বিদ্ৰোহী সদস্য ৷
কোকৰাঝাৰত সেনা-আৰক্ষীৰ গুলিত নিহত এনডিএফবি সদস্য - One NDFB (S) Cadre Killed in Encounter with Army and Police at Kokrajhar
এনডিএফবি (এছ)ৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ যৌথ অভিযান । সংঘৰ্ষত এজন উগ্ৰপন্থী নিহত হোৱাৰ লগতে অস্ত্ৰ উদ্ধাৰ ।
বুধবাৰে নিশাৰ ভাগত সেনাৰ 21 মাউন্টেইন ডিভিজনে লাভ কৰা তথ্যৰ ভিত্তিতে কোকৰাঝাৰ আৰক্ষীয়ে এনডিএফবিৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযানৰ সময়তে কোকৰাঝাৰ জিলাৰ বিষমুৰী আৰক্ষী চকীৰ অন্তৰ্গত দিগলিপাৰ গাঁওত এজন এনডিএফবি (এছ) বিদ্ৰোহী প্ৰত্যক্ষ কৰে ৷ অভিযানকাৰী দলটোৱে বিদ্ৰোহী সদস্যগৰাকীক ৰ'বলৈ নিৰ্দেশ দিয়ে যদিও অভিযানকাৰী দলটোলৈ গুলিয়াই পলাবলৈ চেষ্টা কৰে বিদ্ৰোহী সদস্যগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত বিদ্ৰোহী সদস্যজনক লক্ষ্য কৰি অভিযানকাৰী দলে গুলিচালনা কৰে ৷ অভিযানকাৰী দলৰ গুলিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বিদ্ৰোহী সদস্যগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷
নিহত সদস্যগৰাকী জুৱেল নাৰ্জাৰী ওৰফে তামঙ ওৰফে যৌয়েম বুলি জানিব পৰা গৈছে ৷ বিদ্ৰোহীগৰাকীৰ পৰা এটা নাইন এমএম পিষ্টল, দুটা মেগজিন আৰু সজীৱ গুলি উদ্ধাৰ কৰা হৈছে ৷