অসম

assam

By

Published : Oct 26, 2019, 11:45 PM IST

ETV Bharat / state

কুকুৰা চোৰ কৰিবলৈ গৈ প্ৰাণ গ’ল যুৱকৰ ! কোকৰাঝাৰত অঘটন

বিদ্যুৎপৃষ্ট হৈ প্ৰাণ গল এজন যুৱকৰ । কোকৰাঝাৰ জিলাৰ বালাজান আৰক্ষী চকীৰ অন্তৰ্গত নিউ আমগুৰি গাঁৱত এই ঘটনা । কুকুৰা চোৰ কৰিবলৈ গৈ মৃত্যু ছুনা হেম্ভ্ৰম (30) নামৰ যুৱকজনৰ ৷

কোকৰাঝাৰত অঘটন

কোকৰাঝাৰ, 26 অক্টোবৰ: কোকৰাঝাৰত অঘটন ৷ বাবুৰাম কোচৰ ঘৰত কুকুৰা চোৰ কৰিবলৈ গৈ মৃত্যু ছুনা হেম্ভ্ৰম নামৰ এজন যুৱকৰ ৷ প্ৰাপ্ত তথ্য মতে বাবুৰাম কোচৰ পৰিয়ালটো দীৰ্ঘদিন ধৰি মূৰ্গীৰ ব্যৱসায় কৰি আহিছিল। পৰিয়ালটোৱে বজাৰৰ পৰা কুকুৰা কিনি আনি প্ৰথমে ঘৰত ৰাখি পিছত বিক্ৰী কৰে ৷

কোকৰাঝাৰত অঘটন

কিন্তু কুকুৰাবোৰ প্ৰায়ে চুৰ হোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল পৰিয়ালটো ৷ শিয়াল বা কুকুৰজাতীয় প্ৰাণীয়ে কুকুৰাবোৰ ভক্ষণ কৰাৰ সন্দেহ প্ৰকাশ কৰি কুকুৰা ৰখা ঠাইৰ চাৰিওপিনে বিদ্যুৎ পৰবাহী তাঁৰ সংযোগ কৰি থৈছিল কোচ পৰিয়ালটোৱে । অৱশেষত শনিবাৰে পুৱা সেই তাঁৰত লাগি কুকুৰা চুৰ কৰিবলৈ আহি বিদ্যুৎপৃষ্ট হৈ মৃত্যুবৰণ কৰে এজন যুৱকে ৷ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ইপিনে বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষ কোচে ঘটনা সন্দৰ্ভত কুকুৰা চোৰ কৰিবলৈ গৈয়ে যুৱকজন মৃত্যুমুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

ABOUT THE AUTHOR

...view details