অসম

assam

ETV Bharat / state

কোকৰাঝাৰত জাপানীজ এনকেফেলাইটিছত যুৱতীৰ মৃত্যু হোৱাৰ সন্দেহ - জাপানীজ এনকেফেলাইটিছ

কোকৰাঝাৰত জাপানীজ এনকেফেলাইটিছ ৰোগত যুৱতীৰ মৃত্যু হোৱাৰ সন্দেহ ৷ মৃত যুৱতীগৰাকী কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীৰ জনতা কলেজৰ চূড়ান্ত বৰ্ষৰ ঝাৰবাৰী গৌজানপুৰীৰ নিবাসী সোমাইণা মুছাহাৰী(২০)

কোকৰাঝাৰত জাপানীজ এনকেফেলাইটিছত যুৱতীৰ মৃত্যু হোৱাৰ সন্দেহ

By

Published : Jul 20, 2019, 3:42 PM IST

কোকৰাঝাৰ, ২০ জুলাই : কোকৰাঝাৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ সন্দেহ ৷ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চিকিৎসক অমল মুছাহাৰীয়ে সদৰি কৰা মতে গুৰুতৰ অৱস্থাত সোমাইণা মুছাহাৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যুৱতীগৰাকীক জিএমচি লৈ প্ৰেৰণ কৰে । পৰিয়ালৰ লোকে বঙাইগাঁৱৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে আৰু চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে মৃত্যুমুখত পৰে সোমাইণা মুছাহাৰী ।

কোকৰাঝাৰত জাপানীজ এনকেফেলাইটিছত যুৱতীৰ মৃত্যু হোৱাৰ সন্দেহ
কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চিকিৎসক অমল মুছাহাৰীয়ে সদৰি কৰা মতে সোমাইণা মুছাহাৰী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগতে মৃত্যুমুখত পৰিছে । ইয়াৰোপৰি জিলাখনৰ পাটাকাটাৰ ৰাজেন্দ্ৰ ব্ৰহ্ম(৭২) , ৰয়নাডাব্ৰীৰ মনা ৰায়(৫২) আৰু কুমাৰপাৰাৰ ছহিদুল শ্বেখ (১৪) সম্প্ৰতি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । ইতিমধ্যে জিলাখনত জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে ।

ABOUT THE AUTHOR

...view details