অসম

assam

ETV Bharat / state

কোকৰাঝাৰত কৰ'ণাত মৃত্যু এজন লোক

কৰ'ণাত আক্ৰান্ত হৈ জলসিঞ্চন বিভাগৰ সহযোগী অভিযন্তা দিলীপ কুমাৰ ৰয় মৃত্যু হয় ৷ মঙলবাৰে নিশা আৰ এন বি অসামৰিক চিকিৎসালয়ত মৃত্যু হয় লোক জনৰ ৷

ONE COVID-19 POSITIVE  PATIENT DEAD AT KOKRAJHAR
কোকৰাঝাৰত কৰ'ণাত মৃত্যু এজন লোক

By

Published : Jul 21, 2020, 8:56 PM IST

কোকৰাঝাৰ, 21 জুলাইঃকোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰম বলদিয়া বাটনৰ এজন কৰ'ণাক্ৰান্ত ৰোগী মৃত্যু হয় । মৃত লোক জনৰ নাম দিলীপ কুমাৰ ৰয়(৫৫)।

কোকৰাঝাৰত কৰ'ণাত মৃত্যু এজন লোক

উল্লেখ্য যে, জলসিঞ্চন বিভাগৰ সহযোগী অভিযন্তা হিচাপে কৰ্মৰত দিলীপ কুমাৰ ৰয়ক মঙলবাৰে নিশা আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। দীৰ্ঘ দিন ধৰি উচ্চ ৰক্তচাপ, ডাইবেটিছ আৰু আজ্মা ৰোগত আক্ৰান্ত হৈ আছিল লোক জন ৷ মঙলবাৰে পুৱতি নিশা দুই বজাত মৃত্যু হয় দিলীপ কুমাৰ ৰয়ৰ। মৃত্যুৰ পিছত এন্টিজেন ৰেপিড টেষ্টৰ জৰিয়তে কৰ'ণা পৰীক্ষা কৰাত ক'ভিড -19 পজিটিভ ধৰা পৰিছিল লোকজনৰ দেহত ।

ইতিমধ্যে দিলীপ কুমাৰ ৰয়ে কোৱাৰান্টাইন কেন্দ্ৰ সমুহত সেৱা আগবঢ়াই আহিছিল বুলি জানিবলৈ পোৱা গৈছে । কৰ'ণাত মৃত্যু হোৱা এইটো ঘটনাই জিলাখনত প্ৰথম । আনহাতে, কোকৰাঝাৰত কৰ'ণা পজিটিভৰ সংখ্যা ২৭৫ জনলৈ বৃদ্ধি হয় । ইফালে পুনৰ ৮ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে যদিও তাৰে প্ৰায় সংখ্যক আৰক্ষী বুলি জানিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক- চিৰাং জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

...view details