কোকৰাঝাৰ, 6 আগষ্টঃ কোকৰাঝাৰ জিলাত পুনৰ ক'ভিড-১৯ ত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয় ৷ কৰ'ণাত মৃত্যু হোৱা লোক জন কোকৰাঝাৰ চহৰৰ নিবাসী নাৰায়ণ চাহা (56) বুলি জানিবলৈ পোৱা গৈছে ৷
উল্লেখ্য যে, মৃত নাৰায়ণ চাহা কোকৰাঝাৰ আৰ এন বি ক'ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছিল ৷ কিন্তু লোকজনৰ শাৰীৰিকভাৱে সুস্থ নোহোৱাৰ বাবে বুধবাৰে মাজনিশা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰে ৷ ইফালে লৈ যোৱা পথতে নাৰায়ণ চাহাৰ মৃত্যু হয় ৷ জিলাখনত ক'ভিড -১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ইতিমধ্যে ৩ জন লৈ বৃদ্ধি পাইছে ৷