কোকৰাঝাৰ, 10 আগষ্টঃ কোকৰাঝাৰ জিলাৰ কচুগাৱঁৰ নিবাসী এগৰাকী অষ্টম শ্ৰেনীৰ ছাত্ৰী জটিল ৰোগত আক্ৰান্ত হৈছে ৷ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকী দীৰ্ঘ দিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হোৱাত দিশহাৰা হৈছে পিতৃ-মাতৃ ৷
সন্তানৰ চিকিৎসাৰ বাবে অপৰাগ পিতৃ-মাতৃঃ ৰাইজৰ পৰা সহায়ৰ অহ্বান - গোসাইগাওঁ
কোকৰাঝাৰৰ কচুগাৱঁৰ এগৰাকী অষ্টম শ্ৰেনীৰ ছাত্ৰী জটিল ৰোগত আক্ৰান্ত হৈছে ৷ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকী দীৰ্ঘ দিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হোৱাত দিশহাৰা হৈছে পৰিয়ালটো ৷ কিশোৰী গৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজন কেইবা লাখ টকা ৷ কিন্তু পৰিয়ালটোৰ হাতত নাই ধন ৷ উপায়ন্তৰ হৈ চিকিৎসাৰ বাবে ৰাইজক সহায়ৰ বাবে অনুৰোধ জনাইছে পিতৃ-মাতৃয়ে ৷
সঞ্জয় সৰকাৰ আৰু ৰিনা সৰকাৰৰ একমাত্ৰ কন্যা ডিম্পা সৰকাৰ বয়স ১৩ বছৰ ৷ কিন্তু কিশোৰী গৰাকী আক্ৰান্ত হৈছে জটিল ৰোগত ৷ কচুগাওঁস্থিত ছেন্ট ক্লাৰেট ই এম স্কুলত অষ্টম শ্ৰেনীত অধ্যয়নত ছাত্ৰী গৰাকীক বংগৰ আলিপুৰদুৱাৰ,কোচবিহাৰ আদি ঠাইত চিকিৎসা কৰে, যদিও কোনো সুফল নাপাই গুৱাহাটী বৰাগাওঁ এক্সেল কেয়াৰ চিকিৎসালয়লৈ লৈ যায় ৷ তাত চিকিৎসকে সকলো পৰীক্ষা-নিৰীক্ষা কৰি জানিবলৈ দিয়ে যে কিশোৰী গৰাকীৰ গ্ৰ'থ হৰ্মন ডিফেক্ট নামৰ বেমাৰ হৈছে ৷ আৰু উক্ত বেমাৰ ভাল কৰিবলৈ প্ৰতিদিনে 600 টকা মূল্যৰ এটা বেজী তিনি বছৰ লৈকে দিব লাগিব ৷ চিকিৎসকৰ কথা শুনি দিশহাৰা হৈ পৰে পিতৃ-মাতৃ ৷
ইতিমধ্যে কন্যাৰ চিকিৎসা কৰি সৰ্বস্বান্ত হয় পিতৃ-মাতৃ ৷ এতিয়া চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে ছয় লক্ষাধিক টকা ৷ এই বাৰ্তা শুনি পিতৃ-মাতৃ দিশহাৰা হৈ পৰিছে ৷ কিশোৰী গৰাকীৰ চিকিৎসাৰ বাবে মাতৃয়ে মূখ্য মন্ত্ৰী সৰ্বানন্দ সনোৱাল,স্বাস্থ্য মন্ত্ৰী আৰু ৰাইজক সহায়ৰ বাবে অনুৰোধ জনাইছে ৷ কোনো সদায়ৰ লোকে সহায় কৰিলে ২০৪৩৯৬৭৫৪১১ এছ বি আই একাউন্টত নম্বৰৰ যোগেদি অথবা ৯১০১৯৯৭৭৮০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পিতৃ- মাতৃয়ে ৷