অসম

assam

By

Published : Jul 13, 2022, 9:51 AM IST

ETV Bharat / state

Girl Empowerment Campaign: এনটিপিচিৰ উদ্যোগত বালিকা সৱলীকৰণ অভিযান

কোকৰাঝাৰত মাহজোৰা কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় বালিকা সৱলীকৰণ অভিযান(জেম)২০২২ (Girl Empowerment Campaigning) ৷ এনটিপিচি বঙাইগাঁৱৰ উদ্যোগত স্থানীয় ১০ খন বিদ্যালয়ৰ ৪০ গৰাকীকৈ ছাত্ৰীক বিভিন্ন বিষয়ৰ ওপৰত আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বালিকা সৱলীকৰণ অভিযানত ৷

girl-empowerment-campaigning-at-bongaigaon
Girl Empowerment Campaign: এনটিপিচিৰ উদ্যোগত শুভাৰম্ভ বালিকা সৱলীকৰণ অভিযান

কোকৰাঝাৰ, 13 জুলাই:কোকৰাঝাৰ জিলাৰ বিদ্যুৎ নগৰী ছালাকাটিস্থিত এনটিপিচি বঙাইগাঁৱৰ উদ্যোগত মঙলবাৰে শুভাৰম্ভ কৰা হয় বালিকা সৱলীকৰণ অভিযান (জেম) ২০২২ (NTPC launches Girls Empowerment Campaign)৷ মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অভিযানৰ এনটিপিচিৰ কৰ্মচাৰী কল্যান সন্থাৰ যোগাভ্যাস প্ৰেক্ষাগৃহত শুভ উদ্বোধন কৰা হয় (Kalyan Association Yoga Auditorium) ৷

2018 বৰ্ষত এনটিপিচিয়ে আৰম্ভ কৰিছিল মহিলা সবলীকৰণ অভিযান (Girl Empowerment Campaign)৷ এই অভিযানৰ জৰিয়তে মহিলাসকলক বিভিন্ন বিষয়ৰ ওপৰত আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ যোৱা দুবছৰ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে অনুষ্ঠিত কৰিব পৰা নাছিল যদিও এইবাৰ এনটিপিচি'ৰ উদ্যোগত স্থানীয় ১০ খন বিদ্যালয়ৰ ৪০ গৰাকীকৈ ছাত্ৰীক বিভিন্ন বিষয়ৰ ওপৰত আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷

Girl Empowerment Campaign: এনটিপিচিৰ উদ্যোগত শুভাৰম্ভ বালিকা সৱলীকৰণ অভিযান

বন্তি প্ৰজ্বলনৰে আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই (Kokrajhar DC Barnali Deka)৷ উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে এনটিপিচি বঙাইগাঁৱৰ কাৰ্যবাহী সঞ্চালক সুব্ৰত মণ্ডল (NTPC Bongaigaon Executive Director Subrata Mondal), জি এম উমেশ সিং (অ আৰু এম) , জি এম সঞ্জয় পাণ্ডে (এফ জি ডি), জি এম অৰুণ আশিস দাস (প্ৰকল্প), বৰদৈ শিখলা লেডিছ ক্লাৱৰ সভানেত্ৰী জয়শ্ৰী মণ্ডল আৰু চি আই এছ এফৰ শীৰ্ষ বিষয়ালগতে বহু গন্য মান্য ব্যাক্তি ৷

ইয়াৰোপৰি অনুষ্ঠানতটোত আৱাসিক প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলগীয়া ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, জিলা শিক্ষাবিভাগ, সমাজকল্যাণ বিভাগ আৰু এনটিপিচিকে ধৰি বহুকেইটা বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত আছিল ৷

লগতে পঢ়ক:গুৱাহাটীত নাবাৰ্ডৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details