অসম

assam

ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে নিখিল ৰাভা মহিলা পৰিষদৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস - দেৱীতোলা

বিটিএডিৰ কোকৰাঝাৰ জিলাৰ দেৱীতোলা অঞ্চলত উদযাপন হৈছে এই প্ৰতিষ্ঠা দিৱস

নিখিল ৰাভা মহিলা পৰিষদৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

By

Published : Aug 8, 2019, 1:19 PM IST

ধুবুৰী,8 আগষ্টঃকোকৰাঝাৰ জিলাৰ দেৱীতোলাৰ অতি ভিতৰুৱা অঞ্চল হাতীবন্ধাত সৃষ্টি হৈছে এক উখল মাখল পৰিৱেশৰ । কাৰণ সাত আগষ্টৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ আছে নিখিল ৰাভা মহিলা পৰিষদৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। কোকৰাঝাৰ জিলা ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ উদ্যোগত হাতীবন্ধা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই প্ৰতিষ্ঠা দিৱস । বুধবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হোৱা দুদিনীয়া কাৰ্যসূচী মতে বৃহস্পতিবাৰে পুৱাৰ ভাগত পৰিষদৰ পতাকা উত্তোলন কৰি শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভাৰ লগতে আন ৰাভা মহিলা সকলে । একেদৰে দিনযোৰা কাৰ্যসূচীৰ মাজতে অনুষ্ঠিত হয় এক বিশেষ আলোচনা চক্ৰ ।

নিখিল ৰাভা মহিলা পৰিষদৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস
উল্লেখযোগ্য যে, ৰাভা সমাজত এচাম যুৱ প্ৰজন্মৰ মানসিকতাৰ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত মহিলা সমাজৰ ভূমিকাৰ ওপৰত বিভিন্ন দিশ সামৰি গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় আলোচনা চক্ৰখনত । ৰাভা মহিলা সকলৰ মাজত অন্ধ বিশ্বাসকে ধৰি বিভিন্ন ক্ষেত্ৰত সজাগতা অনাৰ বাবে বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভাই । ইফালে, ৰাভা সমাজক আগুৱাই নিয়াৰ লগতে ৰাভা সমাজ খনক আগুৱাই নিয়াৰ ক্ষেত্ৰত মহিলা সকলৰ ভূমিকা যথেষ্ট গুৰুত্ব আছে বুলি দাবী কৰে স্থানীয় ৰাভা সমিতিৰ সভাপতি মহন্ত ৰাভাই ।

ABOUT THE AUTHOR

...view details