কোকৰাঝাৰ, ৮ জানুৱাৰী :কোকৰাঝাৰত মটৰচাইকেল চুৰিকাণ্ডৰ সৈতে এনএলএফবি কেডাৰ জড়িত হোৱা কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মটৰচাইকেল চুৰিকাণ্ডত গ্ৰেপ্তাৰ হোৱা এনএলএফবি সদস্য হৈছে ধ্ৰুৱজিৎ নাৰ্জাৰী (২৩)। তদুপৰি আৰক্ষীয়ে তেওঁৰ সহযোগী গৌথাৰ নাৰ্জাৰীকো (১৯) গ্ৰেপ্তাৰ কৰিছে । দুয়োটা চোৰকে আৰক্ষীয়ে বাশবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে । এনএলএফবি সদস্য তথা মটৰচাইকেল চোৰ ধ্ৰুৱজিৎ নাৰ্জাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ১১ খন চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰিছে ।
এই সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে'ই মঙলবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰি সদৰী কৰা মতে, মটৰচাইকেল চুৰিৰ গোচৰৰ নং ৪০৯/২০২৩ৰ ভিত্তিত আৰক্ষীয়ে চেৰফাংগুৰী, কচুগাঁৱত আৰু বাশবাৰীত অভিযান চলায় । সেই অভিযানতে বাশবাৰীৰ পৰা আৰক্ষীয়ে ধ্ৰুৱজিৎ নাৰ্জাৰী (২৩) আৰু গৌথাৰ নাৰ্জাৰী (১৯) নামৰ দুটা মটৰচাইকেল চোৰক গ্ৰেপ্তাৰ কৰে । ইয়াৰে ধ্ৰুৱজিৎ নাৰ্জাৰী এনএলএফবি কেডাৰ বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰিছে ।