কোকৰাঝাৰ,১২ অক্টোবৰ: আজি নেশ্যনেল লিবাৰেছন ফ্ৰণ্ট অফ বড়োলেণ্ড(National Liberation Front of Bodoland) চমুকৈ NLFBৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস(NLFB 2nd foundation day observed in Kokrajhar) ৷ সম্প্ৰতি চৰকাৰৰ সৈতে যুদ্ধ বিৰতিত থকা NLFB য়ে ২০২১ চনৰ ১২ অক্টোবৰত আত্মপ্ৰকাশ কৰিছিল ৷ ২০২১ৰ ২৩ জুলাইত যুদ্ববিৰতিৰে মূল সুতিলৈ আহিছিল NLFB ৷ কোকৰাঝাৰ চহৰৰ গৌৰাং নৈৰ দাঁতিৰ চান্দামাৰিস্থিত ডেজিগনেটেড শিৱিৰ প্ৰাংগনত NLFB ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷
সাংগঠনিক পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে NLFB ৰ অধ্যক্ষ বিক্ৰম ইছলাৰী ওৰফে বুংথিগ্ৰাই ৷ শ্বহীদলৈ সৰ্বপ্ৰথমে পুস্পাঞ্জলিৰে শ্ৰদ্বাঞ্জলি জনায় NLFBৰ মুখ্য সেনাধ্যক্ষ এম বাথা ওৰফে বিনোদ মুছাহাৰীয়ে ৷ তদুপৰি প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি সামৰিক কুচ-কাৱাজো প্ৰদৰ্শন কৰা হয় ৷ ইপিনে সংবাদ মাধ্যমৰ আগত NLFBৰ অধ্যক্ষ বিক্ৰম ইছলাৰী ওৰফে বুংথিগ্ৰাই কয় যে NLFB শান্তি আলোচনাতহে আহিছে , কিন্তু অস্ত্ৰ সম্বৰণ কৰা নাই ৷ দাবী তথা সমস্যা সমাধান নোহোৱালৈকে অস্ত্ৰসম্বৰণ নকৰে বুলিও স্পষ্ট কৰি দিয়ে অধ্যক্ষ গৰাকীয়ে ৷ যদি দাবী মানি নলয় তেন্তে পৰিস্থিতি হিতে বিপৰীত হ'ব পাৰে বুলি উল্লেখ কৰে ।