কোকৰাঝাৰ, ২৩ এপ্ৰিল: পুনৰ ৰাজ্যত সংঘটিত হ'ল মানৱ সমাজক লজ্জানত কৰা এক ঘটনা । এইবাৰৰ স্থান কোকৰাঝাৰৰ বনৰগাঁৱৰ খাগ্ৰাবাৰী । শুক্ৰবাৰে খাগ্ৰাবাৰীৰ ৰাজপথৰ দাঁতিত উদ্ধাৰ হ'ল এটি নৱজাতকৰ মৃতদেহ । প্লাষ্টিকেৰে মেৰিয়াই থোবা অৱস্থাত নৱজাতকৰ মৃতদেটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । ইয়াৰ পিছতে তেওঁলোকে দোতমা আৰক্ষীক খবৰ দিয়ে ৷
মৰ্মন্তুদঃ কোকৰাঝাৰৰ খাগ্ৰাবাৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
কোকৰাঝাৰত ভূ-লুণ্ঠিত হ'ল মানৱতা । জিলাখনৰ বনৰগাঁৱৰ খাগ্ৰাবাৰীত ৰাজপথৰ দাঁতিত উদ্ধাৰ নৱজাতকৰ মৃতদেহ । কোনো হৃদয়হীন লোকে পেলাই থৈ গ'ল কণমানি কন্যা সন্তানটি ।
ততাতৈয়াকৈ দোতমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকৰ মৃতদেহটো উদ্ধাৰ কৰে । লগতে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ কোনো পাষাণ হৃদয়ৰ লোকে নিজৰ পাপ লুকুৱাবলৈ অথবা আন কোনো কাৰণত কন্যা সন্তানটি এনেদৰে পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ।
নিশা কোনো নথকাৰ সুযোগতে বাইকেৰে নৱজাতকটি ৰাজপথৰ দাঁতিত পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে একাংশই । পথৰ দাঁতিত এনেদৰে নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক:হোজাইত চুৰি গৰুসহ আটক চোৰ