কোকৰাঝাৰ, 30 অক্টোবৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত বুধবাৰে কোকৰাঝাৰস্থিত চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় এখন এদিনীয়া কৰ্মশালা ৷ "শান্তি আৰু মূল্যবোধৰ শিক্ষাঃ যুৱপ্ৰজন্মৰ সঠিক বিনিয়োগ" শীৰ্ষক কৰ্মশালাখনিত অংশগ্ৰহণ কৰে বিটিচিৰ উপ-প্ৰধান খাম্ফা বৰগয়াৰীয়ে ৷
বড়ো মাধ্যমৰ বাবে অন্তৰায় নহয় নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি - new educational policy will not effect the bodo students khampha borgayar
কোকৰাঝাৰ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত এদিনীয়াকৈ অনুষ্ঠিত হৈ যায় শান্তি আৰু মূল্যবোধৰ শিক্ষা শীৰ্ষক এখনি কৰ্মশালা ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা কৰ্মশালাখনিত বহুসংখ্যক শিক্ষক-শিক্ষাৰ্থীৰ লগতে অংশগ্ৰহণ কৰে বিটিচিৰ উপ-প্ৰধান খাম্ফা বৰগয়াৰীয়ে ৷
![বড়ো মাধ্যমৰ বাবে অন্তৰায় নহয় নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4914344-thumbnail-3x2-0.jpg)
কৰ্মশালাত অংশগ্ৰহণ কৰি খাম্ফা বৰগয়াৰীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰে ৷ সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত বড়ো মাধ্যমৰ বাবে কোনোধৰণৰ ক্ষতিকাৰক সিদ্ধান্ত বিটিচিয়ে গ্ৰহণ নকৰে বুলি কয় খাম্ফা বৰগয়াৰীয়ে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত বড়ো মাধ্যমক লৈ ব্যাপক চর্চা হৈ থকাৰ সময়তে এইদৰে বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্যৰ দায়িত্বত থকা বৰগয়াৰীয়ে বিষয়টো সন্দৰ্ভত স্পষ্ট মত বাখ্যা কৰে। "নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গ্ৰহণ কৰি বিটিচি প্ৰশাসনে বড়ো মাধ্যমক মৃত্যুৰ দিশে থেলি দিবলৈ চেষ্টা চলোৱা নাই । কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰাৰ ওপৰত চোৱা-চিতাৰ বাবে যথেষ্ট সময় আছে । বড়ো বুদ্ধিজীৱি সকলে অযথা বিতৰ্ক নকৰি তাৰ ওপৰত গভীৰ ভাৱে আলোচনা কৰি সিদ্ধান্ত লোৱাহে ভাল ।" বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে খাম্ফা বৰগয়াৰীয়ে ৷
TAGGED:
বিটিচি খাম্ফা বৰগয়াৰী নিউজ