অসম

assam

ETV Bharat / state

কোকৰাঝাৰত নেমছুৰ উদ্যোগত হজযাত্ৰীক সম্বৰ্ধনা - হজযাত্ৰী সম্বৰ্ধনা

মক্কালৈ যাবলৈ এইবাৰ সাজু হৈছে জিলাখনৰ মুঠ 16 গৰাকী হজযাত্ৰী । শান্তি কামনা কৰি আয়োজন কৰিলে প্ৰাৰ্থনা সভাৰ ।

কোকৰাঝাৰত নেমছুৰ উদ্যোগত হজযাত্ৰীক সম্বৰ্ধনা

By

Published : Jul 9, 2019, 9:48 PM IST

কোকৰাঝাৰ, ৯ জুলাই: কোকৰাঝাৰ চহৰৰ মাজ-মজিয়াত থকা জামে মজজিদ প্ৰাংগণত মঙ্গলবাৰে অনুস্থিত হয় হজযাত্ৰী সম্বৰ্ধনা অনুষ্ঠান । নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেন্ট ইউনিয়ন চমুকৈ "নেমছু" ৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় মক্কালৈ যাবলৈ সাজু হোৱা জিলা খনৰ মুঠ 16 গৰাকীকৈ হজযাত্ৰীক । বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী আৰু কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিংহ উপস্থিত থকা অনুষ্ঠানটিৰ আগভাগ লয় নেমছুৰ সভাপতি সাহিনুৰ ইছলাম আৰু সাধাৰণ সম্পাদক নুৰ আলমে । তাৰ উপৰিও একে অনুষ্ঠানতে বিশ্ব শান্তিৰ উদ্দেশ্য এক সমূহীয়া দোৱাৰও আয়োজন কৰা হয় । নিজৰ ভাষনত নেমছুৰ সভাপতি সাহিনুৰ ইছলামে আৰ এছ এছক তীব্ৰ সমালোচনা কৰে । তেঁও কয় যে জয় শ্ৰীৰাম নাম লৈ হিন্দু মুছলিমৰ মাজত আৰ এছ এছে যি বিভেদ সৃষ্টি কৰিব বিচাৰিছে সেয়া আমি হবলৈ নিদিও ।

কোকৰাঝাৰত নেমছুৰ উদ্যোগত হজযাত্ৰীক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details