অসম

assam

ETV Bharat / state

সুদীৰ্ঘ 25 বছৰৰ পাচত স্ব-গৃহত উপস্থিত এম বাথা

স্ব-গৃহত উপস্থিত হ'ল এম বাথা ৷ এক আৱেগিক পৰিৱেশত সাক্ষাৎ কৰে নিজ পৰিয়ালক ৷

সুদীৰ্ঘ 25 বছৰৰ অন্তত
স্ব-গৃহত উপস্থিত এম বাথা

By

Published : Feb 9, 2020, 1:22 PM IST

কোকৰাঝাৰ, 9 ফেব্ৰুৱাৰী :এনডিএফবি (এছ) ৰ নেতা এম বাথাই দেওবাৰে 25 বছৰৰ অন্তত নিজ পৰিয়ালক সাক্ষাৎ কৰে ৷ নিজ গাঁৱত উপস্থিত হোৱাৰ লগে লগে বেণ্ড পাৰ্টি, নৃত্য-গীতেৰে গঞাই তেওঁক আদৰণি জনায় ৷ দাওলাবাৰী গাঁৱত জন্মগ্ৰহণ কৰা এম বাথাৰ উপস্থিতিত গাঁৱৰ প্ৰতিজন লোক আৱেগিক হৈ পৰাৰ লগতে এক উছৱমুখৰ পৰিৱেশৰো সৃষ্টি হয় ৷ মুকলি আকাশৰ তললৈ ওলাই অহা এনডিএফবি নেতাগৰাকী নিজ বাসগৃহত উপস্থিত হোৱাত সমগ্ৰ ৰাইজৰ মাজত আনন্দ পৰিলক্ষিত হয় ৷

স্ব-গৃহত উপস্থিত এম বাথা

বাথাৰ উপস্থিতিৰ লগে লগে পত্নী,ভাতৃ-ভগ্নী আৰু অন্যান্য আত্মীয়সকল কান্দোনত ভাঙি পৰে ৷ মাৰণাস্ত্ৰ হাতত তুলি লৈ সংগ্ৰামত অংশগ্ৰহণ কৰা এই নেতাসকলে কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰিত হোৱা বিচিআৰ চুক্তিৰ পাচতে নিজ জন্ম ভূমিলৈ উভতি আহে ৷

স্ব-গৃহত উপস্থিত এম বাথা

আৰু পঢ়ক : দেওবাৰে কেৰেলাৰ বানপীড়িত লোকৰ বাবে নিৰ্মিত 121 টা ঘৰৰ চাবি অৰ্পণ কৰিব ইনাডু-ৰামোজী গোটে

ABOUT THE AUTHOR

...view details