অসম

assam

ETV Bharat / state

কেন্দ্ৰৰ সৈতে শান্তি আলোচনাৰ অৰ্থে ভাৰতত প্ৰৱেশ এনডিএফবি(এছ)ৰ - এবছুৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়

চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ভাৰতীয় সেনাবাহিনীৰ সহযোগত ভাৰতলৈ প্ৰৱেশ এনডিএফবি(এছ)ৰ ৷ কেন্দ্ৰৰ সৈতে বড়ো জনজাতিৰ দীৰ্ঘদিনীয়া সমস্য সমাধানৰ উদ্দেশ্যে প্ৰৱেশ সংগঠনটোৰ ৷ নিখিল বড়ো ছাত্ৰ সন্থাই আদৰণি জনালে এই পদক্ষেপক ৷

ভাৰতত প্ৰৱেশ এনডিএফবি(এছ)ৰ
ভাৰতত প্ৰৱেশ এনডিএফবি(এছ)ৰ

By

Published : Jan 12, 2020, 2:40 PM IST

কোকৰাঝাৰ, 12 জানুৱাৰীঃএক গোপন সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, বড়ো জনজাতিৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ উদ্দেশ্যে কেন্দ্ৰৰ সৈতে শান্তি আলোচনাৰ বাবে, চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ ঘন অৰণ্যৰ পৰা ভাৰতীয় সেনাবাহিনীৰ সহযোগত ভাৰতত প্ৰৱেশ কৰিছে এনডিএফবি(এছ)য়ে ৷ সংগঠনটোক স্বাগতম জনাইছে এবছুৱে ৷ কোকৰাঝাৰস্থিত এবছুৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয় বড়োফা হাউচত অনুষ্ঠিত এক সংবাদ মেলত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে এনডিএফবি(এছ) মুলসুঁতিলৈ ঘূৰি অহা পদক্ষেপক স্বাগতম জনাই, কেন্দ্ৰৰ সৈতে বড়ো জনজাতিৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে লোৱা শান্তি আলোচনাকো আদৰণি জনাইছে ৷

এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী

অৱশ্যে এই বিষয়ে এনডিএফবি(এছ) আৰু সেনাৰ তৰফৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ জাৰী কৰা নাই যদিও এক গোপন সূত্ৰৰ পৰা এই তথ্য লাভ কৰা হৈছে ৷

লগতে পঢ়কঃঅসমীয়া মাধ্যমৰ সমাজ বিজ্ঞানৰ কিতাপ মুদ্ৰণ হ'ল বাংলা ভাষাত

ABOUT THE AUTHOR

...view details