কোকৰাঝাৰ,19 অক্টোবৰ:কোকৰাঝাৰত আটক এজন এন ডি এফ বি (এছ)ৰ সদস্য ৷ আটকাধীন এন ডি এফ বি সদস্য জন হৈছে সংবিজিত গোটৰ দুলাল নাৰ্জাৰী উৰফ লাওদাঙগা ৷ ভাৰতীয় সেনা বাহিনী আৰু এছ এছ বিৰ যৌথ অভিযানত শনিবাৰে পুৱতি নিশা ভাৰত-ভূটান সীমান্তৰ ৰেপু বনাঞ্চলৰ পৰা আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷ ধৃত এন ডি এফ বি (এছ)ৰ সদস্যজনৰ পৰা 7.65 হস্তনিৰ্মিত পিষ্টল লগতে 6 জাই সজীৱ গুলী জব্দ কৰে ।
কোকৰাঝাৰত আটক এন ডি এফ বি (এছ)ৰ সদস্য - সংবিজিত গোটৰ দুলাল নাৰ্জাৰী উৰফ লাওদাঙগা
ভাৰতীয় সেনা বাহিনী আৰু এছ এছ বিৰ যৌথ অভিযানত শনিবাৰে পুৱতি নিশা কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তত থকা ৰেপু বনাঞ্চলৰ পৰা আটক এজন দুধৰ্ষ এন ডি এফ বি সদস্য ৷
![কোকৰাঝাৰত আটক এন ডি এফ বি (এছ)ৰ সদস্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4804266-618-4804266-1571487102411.jpg)
কোকৰাঝাৰত আটক এন ডি এফ বি (এছ) ৰ সদস্য
উল্লেখ্য যে,যোৱা 16 অক্টোবৰ দিনাও এই অঞ্চলৰ পৰা অস্ত্ৰ-শস্ত্ৰ সৈতে তিনিজন নতুন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে।