অসম

assam

ETV Bharat / state

কোকৰাঝাৰ পৰা নতুন দিল্লীলৈ পুনৰ যাত্ৰা আৰম্ভ এন চি চি মেগা চাইক্লথন দলৰ

গুৱাহাটীৰ পৰা আৰম্ভ হোৱা এন চি চি মেগা চাইক্লথন (NCC mega cyclothon) যাত্ৰা সোমবাৰে বিয়লি কোকৰাঝাৰ(Kokrajhar) চহৰত উপস্থিত হয় ৷ নাৰী শক্তিৰ সন্মান আৰু উৎসাহিত কৰাৰ উদ্দেশ্যেৰে এই মেগা চাইক্ল’থন যাত্ৰা ৰূপায়ন কৰা হৈছে ৷ 25 জানুৱাৰীত 14 জনীয়া দলটো নতুন দিল্লীত(New Delhi) উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ৷

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 1:16 PM IST

ncc mega cyclothon team resumes its journey from kokrajhar to new delhi
কোকৰাঝাৰ পৰা নতুন দিল্লীলৈ পুনৰ যাত্ৰা আৰম্ভ এন চি চি মেগা চাইক্লথন দলৰ

কোকৰাঝাৰ পৰা নতুন দিল্লীলৈ পুনৰ যাত্ৰা আৰম্ভ এন চি চি মেগা চাইক্লথন দলৰ

কোকৰাঝাৰ, 26 ডিচেম্বৰ : নাৰী শক্তিৰ সন্মান আৰু উৎসাহিত কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত 22 ডিচেম্বৰত গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ চাইকেলেৰ এক মেগা যাত্ৰা আৰম্ভ কৰিছে 14 গৰাকী এন চি চিৰ মহিলা কেডেটে ৷ সোমবাৰে নিশাটো মহিলাৰ চাইক্ল’থনৰ দলটো কোকৰাঝাৰত কটোৱাৰ পিছত মঙলবাৰে পুৱা পশ্চিমবংগৰ অভিমুখে ৰাওনা হৈছে ৷ সুদীৰ্ঘ 2107 কিঃমিঃ পথ অতিক্ৰম কৰি অহা 25 জানুৱাৰীত 14 জনীয়া চাইক্ল’থনৰ দলটো নতুন দিল্লীত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ৷

শুকুৰবাৰে গুৱাহাটীৰ পৰা আৰম্ভ হোৱা এন চি চি মেগা চাইক্ল’থন যাত্ৰা সোমবাৰে বিয়লি কোকৰাঝাৰ চহৰত উপস্থিত হয় ৷ কৰ্ণেল অৰুণ আগৰৱালাৰ নেতৃত্বত যোৱা উক্ত দলটোক কোকৰাঝাৰত উষ্ম আদৰণি জনোৱা হয় ৷ আনহাতে, সোমবাৰে কোকৰাঝাৰৰ বডোফা নগৰস্থিত বি টি আৰ সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানতে আদৰণি জনোৱা হয় দলটোক ৷ আদৰণি অনুষ্ঠানতে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ এন চি চি গোটে সাংস্কৃতিক অনুষ্ঠানৰ লগতে দেশপ্ৰেমমূলক গীত-মাত প্ৰদৰ্শন কৰে ৷

উক্ত কাৰ্যসূচীত কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্মই বি টি আৰ অঞ্চলৰ চহকী ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাৰ বিষয়ে এক সংক্ষিপ্ত ভাষণ প্ৰদান কৰে ৷ ইপিনে আদৰণি অনুষ্ঠানৰ পিচতে 14 জনীয়া চাইক্ল’থন যাত্ৰাকাৰী দলটোক বডোফা নগৰৰ বি টি আৰ সচিবালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা জে ডি ৰোড হৈ কোকৰাঝাৰ চহৰৰ মূল পথেদি কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ লৈ যোৱা হয় ৷ তাৰ পিচত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্তৰ সৈতে এক মত বিনিময় কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে দলটোৱে ৷

লগতে পঢ়ক :বিটিআৰত ৫৩১ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিযুক্তি পত্ৰ বিতৰণ

ABOUT THE AUTHOR

...view details