অসম

assam

ETV Bharat / state

ৰাজ্যৰ দুখনকৈ বিশ্ববিদ্যালয়ৰ দুজন শিক্ষাবিদলৈ ৰাষ্ট্ৰীয় সন্মান - সন্মানিত

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত পঞ্জীয়ক ড° প্ৰহ্লাদ বসুমতাৰী আৰু শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ দিলীপ চন্দ্ৰ নাথলৈ তেওঁলোকৰ উদ্ভাৱনীমূলক কাৰ্যৰ বাবে সৰ্বভাৰতীয় বঁটাৰে সন্মানিত কৰা হৈছে ।

national award to two educationalist of assam
ৰাজ্যৰ দুখনকৈ বিশ্ববিদ্যালয়ৰ দুজন শিক্ষাবিদলৈ ৰাষ্ট্ৰীয় বঁটাৰ সন্মান

By

Published : Aug 9, 2020, 12:12 AM IST

কোকৰাঝাৰ,৮ আগষ্ট : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্য প্ৰাক্তন পঞ্জীয়ক ড° প্ৰহ্লাদ বসুমতাৰী আৰু শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ দিলীপ চন্দ্ৰ নাথক তেওঁলোকৰ কৰ্মস্থলীত দি যোৱা বিচক্ষণতা আৰু নেতৃত্বক শ্ৰদ্ধা জনায় সৰ্বভাৰতীয় পৰ্যায়ৰ "গল্ডেন এইম এৱাৰ্ড " সন্মানেৰে সন্মানিত কৰা হৈছে ।

অলপতে অল ইণ্ডিয়া ইডুকেশ্যনেল কনচালটেণ্ট এণ্ড কাউঞ্চিলাৰ এচ'চিয়েচনে ৰাজ্যৰ শিক্ষাবিদ দুগৰাকীক দিলে এই সন্মান । এই দুগৰাকী শিক্ষাবিদ ক্ৰমে প্ৰহ্লাদ বসুমতাৰীয়ে "ম'ষ্ট ইন'ভেটিভ ৰেজিষ্টাৰ এৱাৰ্ড" আৰু উপাচাৰ্য প্ৰফেচাৰ দিলীপ চন্দ্ৰ নাথে "ম'ষ্ট ইন'ভেটিভ ভাইচ চেঞ্চেলৰ"ৰ বঁটা লাভ কৰি ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰলৈ কঢ়িয়াই আনিলে সুনাম ।

ৰাজ্যৰ দুখনকৈ বিশ্ববিদ্যালয়ৰ দুজন শিক্ষাবিদলৈ ৰাষ্ট্ৰীয় বঁটাৰ সন্মান

উল্লেখ্য যে, বিটিএডিৰ বাক্সা জিলাৰ স্থায়ী বাসিন্দা তথা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা সদ্য অৱসৰ প্ৰাপ্ত পঞ্জীয়ক ড° প্ৰহ্লাদ বসুমতাৰীয়ে নিজৰ উদ্ভাৱনীমূলক চিন্তা তথা প্ৰচেষ্টাৰে বিশ্ববিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল । এই গৰাকী শিক্ষাবিদৰ নেৰ্তৃত্ব আৰু পৰিকল্পনাতে বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা ১২-বি ষ্টেটাচ লাভ কৰিবলৈ সক্ষম হৈছিল ।

ৰাজ্যৰ দুখনকৈ বিশ্ববিদ্যালয়ৰ দুজন শিক্ষাবিদলৈ ৰাষ্ট্ৰীয় বঁটাৰ সন্মান

উল্লেখ্য যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ে হৈছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ চিবিচিএচ পাঠ্যক্ৰম ৰূপায়ন কৰা প্ৰথমখন বিশ্ববিদ্যালয় ।

একেটা অনুস্থানতে শিলচৰস্থিত প্ৰসিদ্ধ অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ দিলীপ চন্দ্ৰ নাথক সন্মানিত কৰা হ'ল মষ্ট ইন'ভেটিভ ভাইচ চেঞ্চেলৰ"ৰ সন্মানেৰে ।

লগতে পঢ়ক :হোজাইত নৱবিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যু

ABOUT THE AUTHOR

...view details