অসম

assam

ETV Bharat / state

প্ৰাক্তন আলফা নেতাৰ বিৰুদ্ধে সৰৱ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া - বিপিএফ

কৰ্মী সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ আগত কয় যে,হাগ্ৰামা মহিলাৰীৰ পৰা একাংশ প্ৰাক্তন আলফা নেতাই টকা লৈ বিপিএফৰ হৈ কাম কৰাৰ মন মেলিছে ৷

naba-saraniya-says-on-ex-ulfa-leader
প্ৰাক্তন আলফা নেতাৰ বিৰুদ্ধে সৰৱ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া

By

Published : Oct 7, 2020, 9:02 PM IST

কোকৰাঝাৰ,৭ অক্টোবৰ: প্ৰাক্তন সতীৰ্থ তথা প্ৰাক্তন আলফা নেতাৰ বিৰুদ্ধে সৰৱ হৈছে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া। আলফাৰ নেতাক বিটিআৰত প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰ গণ সুৰক্ষা পাৰ্টিৰ সভাপতি অৰ্থাৎ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ ৷ বুধবাৰে ওদালগুৰি জিলাৰ টংলাত গণ সুৰক্ষা পাৰ্টিৰ এখন কৰ্মীসভাত উপস্থিত হৈ এই বিস্ফোৰক মন্তব্য কৰে নৱ শৰণীয়াই ৷

প্ৰাক্তন আলফা নেতাৰ বিৰুদ্ধে সৰৱ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া

কৰ্মী সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ আগত কয় যে,হাগ্ৰামা মহিলাৰীৰ পৰা একাংশ প্ৰাক্তন আলফা নেতাই টকা লৈ বিপিএফৰ হৈ কাম কৰাৰ মন মেলিছে ৷ ৰাইজৰ বিচাৰত দোষী সাব্যস্ত হোৱা সকলক বিটিআৰত সোমাব নিদিও বুলি মন্তব্য কৰে নৱ শৰণীয়াই ৷
লগতে পঢ়ক : টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ নিযুক্তি কেতিয়া?

ABOUT THE AUTHOR

...view details