নতুন দিল্লী, 1 মেঃ বি টি এডিৰ জনজাতি প্ৰধান এলেকা অৰ্থাৎ ট্ৰাইবেল বেল্টত পূৰ্বপ্ৰজন্মৰ পৰা বসবাস কৰি অহা অজনজাতীয় লোকৰ পক্ষত সাংসদ নৱ শৰণীয়া ৷ পূৰ্বৰ দৰেই অজনজাতীয় লোকৰ সুৰক্ষাৰ দাবীৰে সাংসদ নৱ শৰণীয়াই ক'লে, ''প্ৰজন্মৰ পাচত প্ৰজন্ম ধৰি ট্ৰাইবেল বেল্টত বাস কৰি অহা অ-জনজাতীয় লোকৰ ওপৰত যাতে কোনো অত্যাচাৰ কৰা নহয় ৷ আমি জনাত ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰী নাই ৷ যিসকল আছে পূৰ্বপূৰুষ ধৰি আছে ৷ ট্ৰাইবেল বেল্টৰ আইন প্ৰণয়নৰ সময়ত বহু সুৰুঙা থাকি গৈছে ৷ ৰাজনৈতিক আৰু আইনগতভাৱে অ-জনজাতীয়সকলৰ সুৰক্ষাৰ বাবে যুঁজিবলৈ আমি সাজু ৷ "
ট্ৰাইবেল বেল্টত থকা অ-জনজাতীয়ৰ সুৰক্ষাৰ হকে যুঁজিব নৱ শৰণীয়াই
ট্ৰাইবেল বেল্টত বাস কৰি অহা অজনজাতীয় লোকৰ ওপৰত কোনো অত্যাচাৰ যাতে কৰা নহয় ৷ ট্ৰাইবেল বেল্টৰ আইন প্ৰণয়নৰ সময়ত বহু সুৰুঙা থাকি গৈছে ৷ ৰাজনৈতিক আৰু আইনগতভাৱে ট্ৰাইবেল বেল্টত থকা অজনজাতীয়সকলৰ সুৰক্ষাৰ হকে যুঁজাৰ হুংকাৰ নৱ শৰণীয়াৰ
নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ কথা উল্লেখ কৰি এই মন্তব্য কৰে নৱ শৰণীয়াই ৷ অসম ভূমি ৰাজহ আৰু অধিনিয়ম আইন 1947ৰ অধীনত জনজাতীয় সুৰক্ষিত অঞ্চলৰ ভূমি বেদখল কৰা লোকসকলক উচ্ছেদৰ দাবী জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এই আবেদন জনাইছিল ফাউণ্ডেশ্যনে ৷ বি টি এডিৰ জনজাতীয় সুৰক্ষিত অঞ্চলৰ 4.50 লক্ষ বিঘা ভূমিয়েই অজনজাতীয় সম্প্ৰদায়ৰ লোকে দখল কৰি আছে বুলিও উক্ত আবেদনতে উল্লেখ কৰিছিল সংস্থাটোৱে ৷
উল্লেখ্য যে, 2003 চনত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বিদ্ৰোহী সংগঠন বড়োলেণ্ড লিবাৰেশ্যন টাইগাৰ্ছৰ মাজত হোৱা চুক্তি মৰ্মে কোকৰাঝাৰ,বাক্সা,চিৰাং আৰু ওদালগুৰি জিলাৰে গঠিত বিটিএডিৰ বি টি চিৰ অধীনলৈ আহিছিল ৷