কোকৰাঝাৰ,২০ নৱেম্বৰ :"বিটিচিত অসমীয়া ভাষাক চৰকাৰী ভাষাৰ পৰা নমাই সহযোগী ভাষা কৰিলে । অসমীয়া ভাষাক চৰকাৰী ভাষাৰ পৰা নমাই দিয়া সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই নিজৰ মাতৃক সোধক । মাতৃয়েও হয়তো ভালকৈ উত্তৰ দিব,কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ অসম সাহিত্য সভাৰ উপ সভানেত্ৰী"। ১২নং ছালাকাটি পৰিষদীয় সমষ্টিৰ জিএচপি প্ৰাৰ্থী সঞ্জয় কুমাৰ শৰণীয়াৰহৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই পৰিষদীয় সমষ্টিৰ এলেকাত প্ৰচাৰ অভিযান চলাই এই মন্তব্য প্ৰকাশ কৰিছে ৷
বিপিএফ-বিজেপিৰ কাজিয়া গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াঃ নৱ শৰণীয়া - হিমন্ত বিশ্ব শৰ্মা
কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কটাক্ষ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ বিটিচিত অসমীয়া ভাষাক চৰকাৰী ভাষাৰ পৰা নমাই সহযোগী ভাষা কৰিলে। অসমীয়া ভাষাক চৰকাৰী ভাষাৰ পৰা নমাই দিয়া সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই নিজৰ মাতৃক সোধক। মাতৃয়েও হয়তো ভালকৈ উত্তৰ দিব,কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ অসম সাহিত্য সভাৰ উপ সভানেত্ৰী।
![বিপিএফ-বিজেপিৰ কাজিয়া গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াঃ নৱ শৰণীয়া as_koj_naba_kumar_saraniya_reaction_vis_7204384](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9609404-thumbnail-3x2-hdeuyf.jpg)
বিপিএফ আৰু বিজেপিৰ কাজিয়া গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াৰ দৰে: নৱ কুমাৰ শৰণীয়া
বিপিএফ আৰু বিজেপিৰ কাজিয়া গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াৰ দৰে: নৱ কুমাৰ শৰণীয়া
সাংসদ গৰাকীয়ে কয়,ইউপিপিএল দল জিকাৰ কোনো ভেটি নাই আৰু বিপিএফ,বিজেপি,ইউপিপিএলৰ কাজিয়া গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াৰ দৰে নিৰ্বাচনৰ পূৰ্বে এয়া নাটক আৰু ইয়াতকৈ ডাঙৰ নাটক মঞ্চস্থ হ'ব ৷ হিমন্ত বিশ্ব শৰ্মা অসম তথা উত্তৰ-পূৱৰ বাবে উপযুক্ত হ'ব পাৰে কিন্তু বিটিচিৰ বাবে উপযুক্ত নহয় ৷
লগতে পঢ়ক :টীয়কত ৰাইজৰ দলৰ ৰাজহুৱা সভা আহ্বান