অসম

assam

ETV Bharat / state

কোকৰাঝাৰ সমষ্টিত শান্তি ঘূৰি আহিছে: নৱ শৰণীয়া

কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই তেওঁৰ কাৰ্যকালত কোকৰাঝাৰ সমষ্টিত শান্তি ঘূৰি আহিছে বুলি মন্তব্য কৰে ৷ বিটিএডি এলেকাত প্ৰথমে মাটি আৰু অধিকাৰ, তাৰ পাছতহে প্ৰাৰ্থীৰ কথা আহে বুলি সাংসদ গৰাকীয়ে জনায় ৷ নিজকে কোনো দলৰ নহয় বুলি দাবী কৰি কয় যে তেওঁ ৰাইজৰ মানুহহে ৷

NABA KR SARANIA

By

Published : Apr 2, 2019, 1:32 AM IST

কোকৰাঝাৰ, 1 এপ্ৰিল: সোমবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই মন্তব্য কৰে যে, তেওঁৰ কাৰ্যকালত কোকৰাঝাৰ সমষ্টিত শান্তি ঘূৰি আহিছে ৷ বিটিএডি এলেকাত প্ৰথমে মাটি আৰু অধিকাৰ, তাৰ পাছতহে প্ৰাৰ্থীৰ কথা আহে বুলি সাংসদ গৰাকীয়ে জনায় ৷ এই সমষ্টিত তেওঁৰ বাহিৰে বেলেগ কোনো প্ৰাৰ্থীয়ে ভোট ল'ব নোৱাৰে বুলি দৃঢ় মন্তব্য কৰে শৰণীয়াই ৷ বিভাজনবাদী শক্তিসমূহ ইতিমধ্যেই কোকৰাঝাৰ সমষ্টিৰ পৰা নাইকিয়া হৈছে বুলিও দাবী কৰি কয় যে তেওঁ নাথাকিলে একে নিশাতে বহু খামখেয়ালিৰ সৃষ্টি হ'ব পাৰে সমষ্টিটোত ৷ নিজকে কোনো দলৰ অন্তৰ্গত নহয় বুলি দাবী কৰি কয় যে তেওঁ ৰাইজৰ মানুহহে ৷

নৱ শৰণীয়া

কোকৰাঝাৰত যিহেতু সাম্প্ৰদায়িকতাৰ কথা নাহে, বড়ো অবড়োৰ কথাহে আহে সেয়েহে অমিত শ্বাহে যি উত্তৰ - পূবৰ 25 খন আসনৰ 21 খনেই পাব বুলি মন্তব্য কৰিছিল তাত কোকৰাঝাৰ সমষ্টিৰ কথা উল্লেখ নাইকৰা বুলি দাবী কৰে তেওঁ ৷

ABOUT THE AUTHOR

...view details