কোকৰাঝাৰ,১৮ আগষ্ট:কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা । এগৰাকী ঠিকাদাৰৰ আত্মহত্যাৰ ঘটনাই জোকাৰিছে সমগ্ৰ অঞ্চল । কোকৰাঝাৰ সদৰ চহৰৰ প্ৰখ্যাত মিঠাইৰ দোকান লক্ষ্মী মিষ্টান্ন ভাণ্ডাৰ চমুকৈ এল .এম .বি ৰ স্বত্বাধিকাৰীৰ পুত্ৰ তথা ঠিকাদাৰ ব্যৱসায়ী দীপক শৰ্মা ওৰফে দীপু নামৰ লোকজনে শুকুৰবাৰে দুপৰীয়াৰ ভাগত নিজ বাসগৃহৰ অফিচ ৰূমত চিপজৰী লগাই আত্মহত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
সদা হাস্যময়ী, নিৰ্জু , অমায়িক দীপক শৰ্মা ওৰফে দীপুৰ আত্মহত্যাৰ খবৰ বিয়পি পৰাৰ লগে লগে কোকৰাঝাৰ চহৰত শোকৰ ছাঁ পৰে আৰু বহুতো শুভকাংক্ষী গুণমুগ্ধই মৃতকৰ বাসগৃহত ভিৰ কৰে । প্ৰাপ্ত তথ্য অনুসৰি বিগত এপষেক ধৰি দীপক শৰ্মা ওৰফে দীপু কিছু পৰিমানে মানসিক অস্থিৰতাত ভূগি আছিল ।
বৃহস্পতিবাৰে ঠিকাৰ বিলৰ কিছু টকা লাভ কৰাৰ পিছত শুকুৰবাৰে দীপক শৰ্মাই পুৱাৰে পৰা বিভিন্ন দোকানে দোকানে গৈ বাকীসমুহ পৰিশোধ কৰিছিল আৰু পলম হোৱা বাবে দুখ প্ৰকাশ কৰি বেয়া নাপাবলৈ অনুৰোধ কৰিছিল । তেনেদৰে বাকী পৰিশোধ কৰি অহাৰ পিছত দুপৰীয়াৰ ভাগত প্ৰায় ১১-৩০ মান বজাত নিজৰ বাসগৃহৰ অফিচ ৰুমতে দীপক শৰ্মাই চিপজৰী লগাই আত্মহত্যা কৰে ।
উল্লেখ্য যে, দীপক শৰ্মাই অহা ২৩ আগষ্টত নিজাববীয়াকৈ এখন মিঠাইৰ দোকান মুকলি কৰাৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল । মৃত্যুৰ পূৰ্বে দীপক শৰ্মাই পত্নী আৰু তিনিগৰাকী জীয়ৰীক এৰি থৈ যায় । শনিবাৰে পুৱাৰ ভাগত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:Indrani Tahbildar's Death Case : ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলৰ কঠোৰ শাস্তিৰ দাবী প্ৰদেশ কংগ্ৰেছৰ