অসম

assam

ETV Bharat / state

কোকৰাঝাৰ আৰক্ষীৰ জালত পৰিল পত্নী হত্যাকাৰী ঘাতক স্বামী

Murder Accused Arrested : পত্নীক হত্যা কৰি পলাতক অৱস্থাত থকা হত্যাকাৰীক গ্ৰেপ্তাৰ কোকৰাঝাৰ আৰক্ষীৰ ৷ 12 জানুৱাৰীত মহিলা গৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৷

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 10:39 PM IST

Murder Accused Arrested
হত্যাকাৰীক গ্ৰেপ্তাৰ কোকৰাঝাৰ আৰক্ষীৰ

কোকৰাঝাৰ, 18 জানুৱাৰী : কোকৰাঝাৰৰ নিকটৱৰ্তী ছটো মলানডুবিত দেবলাই ৰায় নামৰ এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰা ঘাতক স্বামীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ কোকৰাঝাৰ সদৰ আৰক্ষীয়ে বুধবাৰে গুৱাহাটী মহানগৰীৰৰ পল্টনবজাৰৰ পৰা হত্যাকাৰী স্বামী কনেশ ৰায়ক (58 ) গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে 11 জানুৱাৰীত কনেশ ৰায়ে চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰিছিল পত্নী দেবলাই ৰায়ক । হত্যা কৰি কোকৰাঝাৰৰ ছটো মলানডুবি গাঁৱৰ দৰদৰিয়া নৈত পেলাই দিছিল মৃতদেহ ৷

12 জানুৱাৰীত মহিলা গৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৷ পত্নীক হত্যা কৰাৰ পিছৰে পৰা পলাতক আছিল কনেশ ৰায় ৷ অৱশেষত বুধবাৰে কোকৰাঝাৰ আৰক্ষীয়ে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা কনেশ ৰায়ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও অৰ্থাৎ 1997 চনত কনেশ ৰায়ে দেৱলীবালা ৰায় নামৰ এগৰাকী মহিলাৰে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল ৷ দেৱলীবালা ৰায়ে বিবাহৰ বাবে জোৰ দিয়াত কনেশ ৰায়ে তেওঁকো হত্যা কৰি কোকৰাঝাৰৰ ভালুকঝোৰা জংঘলত মৃতদেহ পেলাই দিছিল ৷ দেৱলীবালা ৰায়ক হত্যা কৰাৰ অপৰাধত বহু বছৰ জেলত আছিল কনেশ ৰায় ৷

কিন্তু জামিনত মুক্ত হোৱাৰ পিছৰে পৰা সুদীৰ্ঘ বছৰ ধৰি পলাতক হৈ আছিল কনেশ ৰায় ৷ পলাতক হৈ থকাৰ সময়ছোৱাত কনেশ ৰায়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত শ্ৰমিক হিচাপে কাম কৰি আছিল ৷ ইপিনে পলাতক হৈ থকা কালতে কোকৰাঝাৰৰ ভোটগাঁৱৰ নিকটৱৰ্তী জামাদৰ পাৰা গাঁৱৰ নিবাসী কনেশ ৰায়ে নিজকে নিৰঞ্জন ৰায় বুলি ভুৱা পৰিচয় দি প্ৰায় 6মাহ পূৰ্বে কোকৰাঝাৰ জিলাৰে গোসাইগাঁৱৰ দেবলাই ৰায় নামৰ মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে তিনিমাহ মান পূৰ্বে দেবলাই ৰায়ৰ সৈতে বিবাহ পাশত আবদ্ধ হয় ৷ দেবলাই ৰায়ৰ দ্বিতীয় পতি আছিল কনেশ ৰায় ৷

গোসাইগাঁৱতো মাজে-সময়ে থকা কনেশ ৰায়ে নিজকে নিৰঞ্জন ৰায় হিচাপে পৰিচয় দিছিল ৷ কনেশ ৰায়ে গুৱাহাটীত থকাৰ বাবে পত্নীক তালৈ লৈ যাব বিচাৰিছিল ৷ কিন্তু দেবলাই ৰায়ে গুৱাহাটী যাবলৈ অমান্তি হোৱাত দুয়োৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷

ইয়াৰ পিছতে 11 জানুৱাৰীৰ দিনা পত্নী দেবলাই ৰায়ক বিহু খাবলৈ স্বগৃহৰ পৰা লৈ ফুচুলাই আনিছিল কনেশ ৰায়ে ৷ তাৰপিছত পত্নী দেবলাই ৰায়ক পৰিকল্পিতভাৱে হত্যা কৰি মৃতদেহ মলানডুবিৰ দৰদৰিয়া নদীত পেলাই দিছিল ৷ উল্লেখ্য যে এই হত্যাকাণ্ডৰ পিছত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছিল আৰু কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই দুগৰাকীকৈ নাৰীক হত্যা কৰা কনেশ ৰায়ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :বন্ধ কোঠাত নষ্ট বেহা ! নগাঁৱৰ এটা ঘৰৰ পৰা আটক কেইবাগৰাকীও যুৱক-যুৱতীক

ABOUT THE AUTHOR

...view details