কোকৰাঝাৰ, 4 মেঃ বিটিচিত ৰাজ্যপাল শাসনক লৈ একাংশ নেতৃত্বই বিৰোধিতা কৰি থকাৰ সময়তে সোমবাৰে বিটিচি সচিবালয়ত উপস্থিত হৈ বিটিচিৰ নৱনিযুক্ত প্ৰশাসক ৰাজেশ প্ৰসাদক সাক্ষাৎ কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ পৰৱৰ্তী সময়ত জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰি জিলা উপায়ুক্তৰ সৈতে COVID 19 আৰু নিৰ্বাচন সম্পৰ্কীয় বিষয় আলোচনা কৰে সাংসদগৰাকীয়ে ।
ঘৰ শত্ৰু বিভীষণৰ দৰে বিপিএফৰ মানুহে আমাক তথ্য যোগান ধৰেঃ নৱ কুমাৰ শৰণীয়া
উল্লেখ্য যে, বিপিএফৰ একাংশ নেতাই এতিয়া গণ সুৰক্ষা পাৰ্টিক তথ্যৰ যোগান ধৰি আছে বুলি বিস্ফোৰক মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই ৷ লংকা যেনেকৈ চাৰখাৰ হৈছিল বিভীষণৰ বাবে ঠিক তেনেদৰে আমাৰ এতিয়া যথেষ্ঠ সুবিধা হৈছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ।
জিলা উপায়ুক্তৰ সৈতে অনুষ্ঠিত হোৱা আলোচনাৰ অন্তত কোকৰাঝাৰ সমষ্টিৰ সাংসদগৰাকীয়ে সংবাদমাধ্যমৰ আগত জনাই যে, ছেপ্টেম্বৰ-অক্টোবৰ মাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'লে সকলোৰে বাবে মংগলজনক হ'ব । ৰাজ্যপাল শাসন প্ৰৱৰ্তনৰ বিৰোধিতা কৰি বিপিএফৰ জেষ্ঠ নেতাসকলে অসাংবিধানিক শব্দ, মন্তব্য প্ৰয়োগ কৰাটো মুঠেও সমীচিন হোৱা নাই বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে বিপিএফৰ দূৰ্নীতিৰ কথাও সদৰি কৰে ।
লক্ ডাউনৰ সময়ত সাহাৰ্য সামগ্ৰী আৰু কৃষকৰ এহেজাৰ টকা অকল বিপিএফৰ সদস্যসকলে লাভ কৰাৰ অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে ৷ উল্লেখ্য যে, বিপিএফৰ একাংশ নেতাই এতিয়া গণ সুৰক্ষা পাৰ্টিক তথ্যৰ যোগান ধৰি আছে বুলি বিস্ফোৰক মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই ৷ লংকা যেনেকৈ চাৰখাৰ হৈছিল বিভীষণৰ বাবে ঠিক তেনেদৰে আমাৰ এতিয়া যথেষ্ঠ সুবিধা হৈছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ।
TAGGED:
kokrajhar mp nabo saraniya