অসম

assam

By

Published : May 12, 2020, 7:32 PM IST

ETV Bharat / state

বড়ো আন্দোলনত শ্বহীদ হোৱা গাইডে আৰু হেলিনাৰ নামত মাতৃ দিৱস উদযাপন !

মংগলবাৰে কোকৰাঝাৰত উদযাপন কৰা হয় মাতৃ দিৱস ৷ বড়ো আন্দোলনত শ্বহীদ হোৱা গাইডে আৰু হেলিনাৰ নামত পালন কৰা হয় এই দিৱস ৷ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷

Mothers day celebrate at kokrajhar
বড়ো আন্দোলনত শ্বহীদ হোৱা গাইডে আৰু হেলিনাৰ নামত কোকৰাঝাৰত মাতৃ দিৱস উদযাপন

কোকৰাঝাৰ, 12 মে' : বড়ো জাতিৰ ভূমি,ভাষা,সাহিত্য আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত 1988 চনৰ 12 মে' তাৰিখে আৰক্ষীৰ হাতত প্ৰাণ হেৰুৱাওৱা দুগৰাকী বীৰাংগনা গাইডে আৰু হেলিনাৰ নামত প্ৰতিবছৰে কোকৰাঝাৰত পালন কৰা হয় মাতৃ দিৱস ৷

লক্ ডাউনৰ মাজতে সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰি কোকৰাঝাৰ কচুগাঁৱৰ শৰাইবিলত অনুষ্টূপিয়াকৈ উদযাপন কৰা হ'ল মাতৃ দিৱস ৷ বড়োলেণ্ড সংগ্ৰামত শ্বহীদ হোৱা বীৰংগনা দুগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই পালন কৰা হয় এই দিৱস ৷

বড়ো আন্দোলনত শ্বহীদ হোৱা গাইডে আৰু হেলিনাৰ নামত কোকৰাঝাৰত মাতৃ দিৱস উদযাপন

উক্ত মাতৃ দিৱস অনুষ্ঠানত উপস্থিত থাকে অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । বীৰংগনা দুগৰাকীক গভীৰভাৱে শ্ৰদ্ধাঞ্জলী জনোৱাৰ লগতে বীৰংগনা দুগৰাকীৰ তেজৰ মূল্য প্ৰদান কৰিবলৈ প্ৰতিজন লোকক অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

ABOUT THE AUTHOR

...view details