কোকৰাঝাৰ ৭ মাৰ্চ:ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনকলৈ বিটিআৰতো আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰীক ব্যাপক তৎপৰতা ৷ নিৰ্বাচনকেন্দ্ৰিক এনে তৎপৰতাৰ মাজতে ৰবিবাৰে কোকৰাঝাৰ জিলাৰ পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দোতমাত ইউপিপিএলৰ এক বিশাল যোগদান সভা অনুষ্ঠিত হয় ৷ ইউপিপিএলৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত উক্ত বিশাল যোগদান সভাত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ বুলি পৰিচিত তথা প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্ম, বিপিএফ দলৰ দোতমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এমচিএলএ ইন্দ্ৰমোহন ব্ৰহ্ম আৰু বিপিএফৰ একাংশ নেতা কৰ্মীকে ধৰি তিনি সহস্ৰাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ৷
হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফলৈ আহিছে বৃহৎ প্ৰত্যাহ্বান - সমাগত বিধানসভা নিৰ্বাচন
কোকৰাঝাৰ জিলাৰ দোতমাত ইউপিপিএলৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত এক বিশাল যোগদান সভাত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ বুলি পৰিচিত তথা প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্ম, বিপিএফ দলৰ দোতমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এমচিএলএ ইন্দ্ৰমোহন ব্ৰহ্ম আৰু বিপিএফৰ একাংশ নেতা কৰ্মীকে ধৰি তিনি সহস্ৰাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ৷
![হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফলৈ আহিছে বৃহৎ প্ৰত্যাহ্বান হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফলৈ আহিছে বৃহৎ প্ৰত্যাহ্বান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10912927-541-10912927-1615137890572.jpg)
উল্লেখ্য যে, দেওবাৰে ইউপিপিএল দলত যোগদান কৰা মনোৰঞ্জন ব্ৰহ্মসহ কেবা গৰাকীও ঠিকাদাৰৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ সোতৰ বছৰীয়া শাসনকালত বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি ৰুপায়ণত নীতি বৰ্হিভূতভাৱে বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ আনি এক সপ্তাহমান পূৰ্বে ইউপিপিএল দলৰ এজন শীৰ্ষ নেতাই কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছিল ৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি বিটিআৰ সচিবালয়ৰ পৰা ১৬ টাকৈ ফাইল জব্দ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়তে আজি মনোৰঞ্জন ব্ৰহ্মই ইউপিপিএল দলত যোগদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷