কোকৰাঝাৰ 2 জুলাই :ৰাজ্যত কৰ’ণা ভাইৰাছৰ অবাধ গতিত বৃদ্ধি পোৱা সংখ্যাই ৰাজ্য চৰকাৰৰ নিদ্ৰাহৰণ কৰি থকাৰ সময়ছোৱাতে বিটিচিত চলিছে নিৰ্বাচনৰ কুচ-কাৱাজ ৷ বিটিচি আসন্ন পৰিষদৰ নিৰ্বাচনক লৈ চলিছে ৰাজনৈতিক দল সমূহৰ মাজত শক্তি প্ৰদৰ্শনৰ শীতল যুঁজ ৷ বিটিচিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰত বিটিচিৰ ক্ষমতা দখলকলৈ বিপিএফ আৰু ইউপিপিএল দলৰ মাজতো পৰস্পৰে পৰস্পৰৰ উভয় দলত নেতা কৰ্মীৰ দলে বলে দল যোগদানৰ এক বিশেষ আখৰা চলা পৰিলক্ষিত হৈছে ৷
বুধবাৰে বিটিচি সংখ্যালঘু পৰিষদ আৰু বিপিএফৰ ব্লক কমিটিৰ কৰ্মী আৰু ছাত্ৰ কৰ্মীৰ প্ৰায় আঢ়ৈ শতাধিক কৰ্মীয়ে দলে বলে আনুষ্ঠানিকভাৱে ইউপিপি এলত যোগদান কৰে ৷ যোগদান কৰা সকলোকে ফুলাম গামোচা দি আদৰণি জনায় কোকৰাঝাৰ চহৰৰ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷