কোকৰাঝাৰ,২৯ অক্টোবৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত সংঘটিত হোৱা ৰেগিংকাণ্ডৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে কোকৰাঝাৰ সমষ্টিৰ বিধায়ক তথা UPPL ৰ যুৱ নেতা লৰেন্স ইছলাৰী আৰু কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক তথা BPF ৰ নেতা ৰবিৰাম নাৰ্জাৰীয়ে(MLA Rabiram Narzary and Lorense Islary Reaction) । মঙলবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয় পৰিদৰ্শন কালত বিধায়ক লৰেন্স ইছলাৰীয়ে ৰেগিঙৰ দৰে নিকৃষ্ট কাণ্ড মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা সমুলঞ্চে নোহোৱা কৰাৰ কামনা কৰি তেওঁ ছাত্ৰনেতা হৈ থকাৰ সময়ৰে পৰাই ৰেগিঙৰ দৰে ঘটনাক বিৰোধ কৰি আহিছে বুলি কয় ৷ তেওঁ ৰেগিঙৰ বিৰুদ্ধে সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ পোষকতা কৰে(reaction on du ragging incident) ।
DU Ragging Incident: DU ৰ ৰেগিংকাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ দুই বিধায়কৰ - ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিং কাণ্ড
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিংকাণ্ডৰ ঘটনাৰ প্ৰতিক্ৰিয়া কোকৰাঝাৰৰ দুই বিধায়ক ৰবিৰাম নাৰ্জাৰী আৰু লৰেন্স ইছলাৰীৰ(reaction on du ragging incident) । ৰেগিঙৰ দৰে অপ-সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ(MLA Rabiram Narzary and Lorense Islary Reaction) ৷
ইপিনে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ৰেগিং এক বেয়া সংস্কৃতি বুলি মন্তব্য কৰি কয় যে অকল ডিব্ৰুগড় বিশ্ববিদ্যালয়তে নহয় বৰং আন আন মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন কাৰিকৰী শিক্ষানুষ্ঠান সমূহতো ৰেগিঙৰ দৰে ঘটনাৰ বলি হৈ বহু মেধাবী ছাত্ৰ-ছাত্ৰীয়ে আধাতে শিক্ষা সামৰিব লগীয়া হোৱাৰ লগতে শৈক্ষিক জীৱন নষ্ট হয় । ৰেগিঙৰ দৰে অপ-সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িতৰ কঠোৰ শাস্তিৰ পোষকতা কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ।
লগতে পঢ়ক:Demand for job regularisation: চাকৰি নিয়মীয়াকৰণৰ দাবীত বিদ্যুৎ কৰ্মীৰ সংবাদমেল