কোকৰাঝাৰ, 1 ডিচেম্বৰঃ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগে সমগ্ৰ দেশতে আৰম্ভ কৰিব মিছন ইন্দ্ৰধনু নামে এক বিশেষ টীকাকৰণ কাৰ্যসূচী ৷ অহা 3 ডিচেম্বৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ'ব মিছন ইন্দ্ৰধনু 2.0 টীকাকৰণ অভিযান ৷ অসমৰ কোকৰাঝাৰ জিলাত 3 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব এই অভিযান ৷ জিলাখনৰ স্বাস্থ্য বিভাগে সংবাদমেলযোগে সদৰী কৰে এই কথা ৷
3 ডিচেম্বৰৰ পৰা কোকৰাঝাৰত ভাৰত চৰকাৰৰ মিছন ইন্দ্ৰধনু 2.0 - মিছন ইন্দ্ৰধনু 2.0 টীকাকৰণ অভিযান
অসমতো শীঘ্ৰেই আৰম্ভ হ'ব ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ মিছন ইন্দ্ৰধনু 2.0 ৷ এই বিশেষ টীকাকৰণ অভিযান অহা 3 ডিচেম্বৰৰ পৰা কোকৰাঝাৰ জিলাত অনুষ্ঠিত কৰা হ'ব বুলি প্ৰকাশ কৰিছে জিলাখনৰ স্বাস্থ্য বিভাগে ৷
![3 ডিচেম্বৰৰ পৰা কোকৰাঝাৰত ভাৰত চৰকাৰৰ মিছন ইন্দ্ৰধনু 2.0 Mission Indradhanush 2.0, Health and Family Planning Department, Mission Indradhanush 2.0 Kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5231600-thumbnail-3x2-0.jpg)
কোকৰাঝাৰ জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি, জন্মৰ পৰা 2 বছৰ বয়সৰ শিশুসকলক সামৰি লোৱা হ'ব এই টীকাকৰণ অভিযানত ৷ ইয়াৰ লগতে গৰ্ভৱতী মহিলাসকলকো এই আঁচনিত সামৰি লোৱা হ'ব ৷ জিলাখনৰ লাইমটি, দাৱৰাগাবনাই, লুংচুং অঞ্চলৰ প্ৰায় 1203 গৰাকী আশাকৰ্মীয়ে সম্পন্ন কৰিব এই অভিযান ৷ এই টীকাকৰণত প্ৰদান কৰিবলগীয়া প্ৰতিষেধক সম্পূৰ্ণ নিৰাপদ আৰু শিশুসকলৰ বাবে অতিকে জৰুৰী বুলি উল্লেখ কৰি সকলো অভিভাৱককে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে ৷
কোকৰাঝাৰ জিলা স্বাস্থ্য সমিতিৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জেহিৰুদ্দিন আহমেদে আঁত ধৰা সংবাদমেলখনত জিলা প্ৰতিষেধক বিষয়া ডাঃ অমল মাছাহাৰী, ডাঃ অনুভা দাস, ডাঃ আছাঁদুল্লা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ডিপিএম উত্তম কুমাৰ ব্ৰহ্ম উপস্থিত থাকে ।
লগতে পঢ়কঃ শিলচৰত অঘটন: চলন্ত ৰেলত ডেগাৰেৰে হানি-খুচি প্ৰাণ ল'লে এজনৰ