কোকৰাঝাৰ, 9 মে': প্ৰসৱ বেদনাত ছটফটাই থকা এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত লৈয়েই চিকিৎসালয় অভিমুখে ৰাওনা হ'ল আত্মীয় । কাৰণ অতি সোনকালে চিকিৎসালয়লৈ নিব লাগে মহিলা গৰাকীক আৰু কুৰ্শাকাটী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় পাবলৈ অতিক্ৰম কৰিব লাগিব 7 কিল'মিটাৰকৈ পথ । কিয়নো সেই গাঁও খনলৈ নাযায় 108 কিম্বা অন্য এম্বুলেঞ্চ সেৱাও । কাৰণ এটাই । দীৰ্ঘদিন ধৰি তথৈবচ অৱস্থাতে পৰি আছে, কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও থানাৰ অন্তৰ্গত জালপাৰা অঞ্চলৰ বাট পথ । লগতে একমাত্ৰ চিকিৎসালয়খনতো নাই কোনো এম্বুলেঞ্চ সেৱা ।
বিটিএডিৰ 15 গাঁৱত এম্বুলেন্সৰ স্থান লৈছে ঠেলাই - miserable condition of a village
সুচল বাট পথ আৰু এম্বুলেঞ্চ সেৱাৰ অভাৱত কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও থানাৰ অন্তৰ্গত, জালপাৰা অঞ্চলৰ প্ৰসৱ বেদনাত ছটফটাই থকা মহিলাক চিকিৎসালয়লৈ নিবলগীয়া হ'ল ঠেলাৰে ।
![বিটিএডিৰ 15 গাঁৱত এম্বুলেন্সৰ স্থান লৈছে ঠেলাই miserable condition of a village in kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7129572-thumbnail-3x2-kk.jpg)
miserable condition of a village in kokrajhar
ডিজিটেল ইণ্ডিয়াৰ এখন গাঁৱত ঠেলাৰে কঢ়িয়াইছে ৰোগী
কেৱল এই গাওঁখনেই নহয় । এনেদৰেই 14-15 খনৰ গাঁৱৰ লোকে বহু সময়তে ৰোগী কঢ়িয়াবলৈ ব্যৱহাৰ কৰিছে সাঙি নতুবা ঠেলাগাড়ী । অভিযোগ অনুসৰি, এই পাহাৰীয়া দুৰ্গম অঞ্চলৰ জৰাজীৰ্ণ বাট পথ মেৰামতিৰ বাবে আজিলৈ আগবাঢ়ি অহা নাই কোনো এজন প্ৰতিনিধি । যাৰ বাবে বিভিন্ন সময়ত স্থানীয় লোকসকলে এনেদৰেই ৰেগীক কঢ়িয়াই নিবলগীয়া হয় চিকিৎসালয়লৈ । আনহাতে চিকিৎসাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে ৰোগীক নিবলৈ চিকিৎসায়খনতো নাই কোনো সেৱা ।