কোকৰাঝাৰ, ২৬ আগষ্ট: কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত নয়াছাৰাত শুকুৰবাৰে কোনো অচিনাক্ত বাহনে এটা ছাগলীক খুন্দিয়াই মৰাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয় । বাসুগাঁওস্থিত গুৰুকুল বিদ্যালয়ৰ(Guruku School Basugaon) পৰা কণকণ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা এখন স্কুল বাছ উক্ত স্থানত উপস্থিত হোৱাত একাংশ উত্তেজিত লোকে বাছখনলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰে (Stone throw at school bus in Kokrajhar)।
শিল নিক্ষেপৰ ফলত স্কুল বাছখনৰ সন্মুখৰ গ্লাছৰ ক্ষতিসাধন হয় যদিও ছাত্ৰ-ছাত্ৰীসকল কোনোমতে ৰক্ষা পৰে (Salakati school bus incident)৷ ইপিনে ঘটনা সম্পৰ্কত অৱগত হোৱাত উক্ত স্থানত ছালাকাটি আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ স্কুল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ৰাজপথত অচিনাক্ত বাহনে এটা ছাগলী খুন্দিয়াই থৈ যোৱাত উক্ত স্কুল বাছখনেই ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰি দুৰ্বৃত্তই সংঘটিত কৰে এই শিলগুটি নিক্ষেপৰ ঘটনা (Stone throw at Salakati)।