কোকৰাঝাৰ, 5 জুন :বিভিন্ন বিদ্ৰোহী সংগঠনে মূলসুঁতিলৈ ঘুৰি অহাৰ পিছতে কিছুদিনৰ বাবে শান্তি পৰিবেশ বিৰাজ কৰা বিটিআৰৰ সদৰ জিলা কোকৰাঝাৰত পুনৰ ধন দাবী তথা হিংসাত্মক কাৰ্যকলাপ সংঘটিত হোৱাৰ কথা জানিিব পৰা হৈছে ৷ জিলাখনৰ সেৰফাংগুৰীত শনিবাৰে নিশা দুৰ্বৃত্তই সংঘটিত কৰে এক গুলীচালনাৰ ঘটনা(Firing in Kokrajhar) ৷ সেৰফাংগুৰী থানাৰ অন্তৰ্গত নাৰাবাৰীত সংঘটিত দুৰ্বৃত্তৰ এই গুলীচালনাত এজন ব্যৱসায়ী গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয় ৷ গুলীবিদ্ধ ব্যৱসায়ীজন সুনীল মণ্ডল (৪৫) বুলি জানিব পৰা গৈছে (Businessman injured in Kokrajhar) ৷
প্ৰাপ্ত তথ্য অনুসৰি সেৰফাংগুৰী থানাৰ অন্তৰ্গত নাৰাবাৰীত শনিবাৰে নিশা ৮ - ৩০ মান বজাত বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে গেলামালৰ ব্যৱসায়ী সুনীল মণ্ডলক গুলীচালনা কৰে ৷ গেলামালৰ দোকানত বহি থকা অৱস্থাতে ব্যৱসায়ীজনক লক্ষ্য কৰি গুলীচালনা কৰি নিৰ্বিঘ্নে পলায়ন কৰে বাইকত অহা দুৰ্বৃত্তৰ দলটোৱে ৷ দুৰ্বৃত্তৰ গুলীত বুকুত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা ব্যৱসায়ী সুনীল মণ্ডল বঙাইগাঁৱৰ ল‘ৱাৰ আসাম হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷