কোকৰাঝাৰ, 10 অক্টোবৰ: কোকৰাঝাৰত অঘটন ৷ দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে এগৰাকী ব্যৱসায়ীৰ নিৰ্মাণাধীন অৱস্থাত থকা এটা তিনিমহলীয়া ঘৰ (Fire breakout in Kokrajhar)৷ দুষ্কৃতিকাৰীৰ দলটোৱে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰাৰ পিছতে ঘৰটোৰ চৌহদত থকা এখন টাটা মোবাইল গাড়ীৰ বেটাৰী আৰু ৪০ লিটাৰৰো অধিক ডিজেল চুৰি কৰি উধাও হয় (Miscreants burnt a businessman house) ৷
ঘটনাৰ বিৱৰণী অনুসৰি দুষ্কৃতিকাৰীয়ে ৰবিবাৰে মাজনিশা 1.30 বজাত কোনো লোক নথকাৰ সুযোগ লৈ ব্যৱসায়ী খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মাণাধীন তিনিমহলীয়া ঘৰৰ চৌহদত প্ৰৱেশ কৰে ৷ ইয়াৰ পাছতে দুষ্কৃতিকাৰীয়ে ঘৰটোৰ তলৰ মহলাত অগ্নিসংযোগ কৰে ৷ এই অগ্নিকাণ্ডত ঘৰটোৰ তলৰ মহলাত জমা কৰি থোৱা প্ৰায় আঢ়ৈ লাখ মূল্যৰ কাঠ জ্বলি ভষ্মীভূত হয় ৷ লগে লগে ওচৰৰ লোকে জুই দেখি হুৱাদুৱা কৰি ঘৰৰ স্বত্বাধিকাৰীগৰাকীক খবৰ দিয়ে ৷
এই খবৰ পোৱা মাত্ৰকে বসুমতাৰীয়ে সমীপতে থকা ভাতৃক ফোনযোগে ঘটনা কথা অৱগত কৰে ৷ তেওঁ ততাতৈয়াকৈ ঘটনাস্থলীলৈ অহালে ওচৰ চুবুৰীয়াই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে (Theif incident in Kokrajhar) ৷ নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷