অসম

assam

ETV Bharat / state

Minor gang raped in Kokrajhar: ১৫ বছৰীয়া নাবালিকাক দলবদ্ধ ধৰ্ষণ

কোকৰাঝাৰত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনা ৷ এগৰাকী ১৫ বছৰীয়া নাবালিকাক তিনি যুৱকে মিলি দলবদ্ধ ধৰ্ষণৰ অভিযোগ (Minor girl gang raped by three youths)৷ এই জঘন্য ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত তিনিজনক আটক ৷ ফাষ্ট ট্ৰেক আদালতত বিচাৰ চলাই দোষীক ফাঁচীৰ দাবীৰে আক্ৰাছু, হিন্দু জাগৰণ মঞ্চৰ লগতে স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷

minor-girl-gang-raped-by-three-youths-in-kokrajhar
Kokrajhar Gang Rape : ১৫ বছৰীয়া নাবালিকাক তিনি যুৱকে কৰিলে দলবদ্ধ ধৰ্ষণ

By

Published : May 24, 2022, 9:33 PM IST

কোকৰাঝাৰ ২৪ মে' : ৰাজ্যত অব্যাহত আছে এটাৰ পিছত আনটো নাৰী নিৰ্যাতন তথা ধৰ্ষণৰ ঘটনা ৷ সোমবাৰে তেনে এক জঘন্য ঘটনা সংঘটিত হ'ল কোকৰাঝাৰ জিলাত ৷ এগৰাকী 15 বছৰীয়া নাবালিকাক তিনিজন যুৱকে দলবদ্ধভাৱে ধৰ্ষণৰ অভিযোগ (Minor gang raped in Kokrajhar)৷ জিলাখনৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তিনিজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে ৷

Kokrajhar Gang Rape : ১৫ বছৰীয়া নাবালিকাক তিনি যুৱকে কৰিলে দলবদ্ধ ধৰ্ষণ

নাবালিকাগৰাকীয়ে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰাত নিশাৰ ভাগতে ঘটনা সন্দৰ্ভত ছালাকাটি উপ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷ ধৰ্ষণৰ অভিযোগত আটকাধীন যুৱক তিনিজন ক্ৰমে আফৰুদ্দিন ইছলাম (২২) ছমেজউদ্দিন আলী (১৯) আৰু মস্তুোফা আলী (২৩) ৷

Kokrajhar Gang Rape : ১৫ বছৰীয়া নাবালিকাক তিনি যুৱকে কৰিলে দলবদ্ধ ধৰ্ষণ

ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে এজাহাৰত উল্লেখ কৰা মতে, সোমবাৰে সন্ধিয়া বাসগৃহৰ সমীপৰ দোকানলৈ বুলি ওলাই গৈছিল নাবালিকাগৰাকী ৷ দোকানৰ পৰা উভতি অহাৰ পথতে তিনিজন যুৱকে নাবালিকা গৰাকীক বলপূৰ্বক পথৰ কাষৰ চাহ বাগানলৈ টানি নি সেই স্থানতে দলবদ্ধ ধৰ্ষণ কৰে ৷

ইপিনে, এই ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ লগতে দোষীক ফাঁচীৰ দাবীৰে মঙলবাৰে ছালাকাটি উপ আৰক্ষী চকীৰ সন্মুখত আক্ৰাছু, হিন্দু জাগৰণ মঞ্চকে ধৰি স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ কোকৰাঝাৰ জিলতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

লগতে পঢ়ক :বটদ্ৰৱা কাণ্ডই দিছে ভয়াৱহ ভৱিষ্যতৰ ইংগিত

ABOUT THE AUTHOR

...view details