অসম

assam

ETV Bharat / state

মেট্ৰিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰীৰ - শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

পৰীক্ষা নিদিয়াকৈ লাভ কৰা ফলাফলক চাকৰিৰ অৰ্হতা হিচাপে মান্যতা দিলে পৰীক্ষা দি উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আপত্তি কৰাৰ সম্ভাৱনা আছে । ইচ্ছুক পৰীক্ষাৰ্থীয়ে বেটাৰমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব । হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চ মাধ্যমিক পৰীক্ষা(HS)ৰ ফলাফল সন্তৰ্ভত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ।

As_kjr_minister-ranoj-pegus-reaction-on-hslc-hs-exam-result-issue_vis_as10044
মেট্ৰিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰীৰ

By

Published : Jul 3, 2021, 4:15 PM IST

কোকৰাঝাৰ, ৩ জুলাই: এদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ যোগে কোকৰাঝাৰত উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Ranoj Pegu)। ষ্টেচনতে তেওঁ সাংবাদিকৰ আগত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । তেওঁ কয় যে, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এটা শিক্ষাবৰ্ষ যাতে অবাবতে নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞ কমিটীৰ সিদ্ধান্তমৰ্মে শিক্ষা বিভাগে অহা ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পৰীক্ষা নিদিয়াকৈ লাভ কৰা ফলাফলক চাকৰিৰ অৰ্হতা হিচাপে মান্যতা দিলে পৰীক্ষা দি উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পাছত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সম্ভাৱনা আছে । সেয়ে, চৰকাৰে বেটাৰমেণ্ট পৰীক্ষা অনুষ্ঠিত কৰিব আৰু ছাত্ৰ-ছাত্ৰীয়ে উক্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব তেওঁ জানিবলৈ দিয়ে । অৱশ্যে, বেটাৰমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক নহয় বুলিও তেওঁ মন্তব্য কৰে ।

মেট্ৰিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰীৰ

যিসকল ছাত্ৰ-ছাত্ৰী নিজৰ ভৱিষ্যতক লৈ সচেতন তেওঁলোকে বেটাৰমেণ্ট পৰীক্ষা দিব পাৰিব বুলি তেওঁ মন্তব্য কৰে ।

বিভাগে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব বুলিও তেওঁ সদৰি কৰে । উল্লেখ্য যে, ক'ভিড মহামাৰীৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাবে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত (HSLC), হাইমাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা (HS) বাতিল কৰা হৈছে ৷ পৰীক্ষা বাতিল কৰাৰ পাছত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ণ পদ্ধতিৰ বাবে চৰকাৰে দুখন উচ্চস্তৰীয় কমিটী গঠন কৰি দিছিল ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা নম্বৰক আধাৰ হিচাপে লোৱা চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত এই মূল্যায়ন পদ্ধতিৰ জৰিয়তে উত্তীৰ্ণ হোৱা সকলক মান্যতা প্ৰদান কৰা নহ'ব বুলি ঘোষণা কৰে চৰকাৰ পক্ষই ৷ লগতে অসম চৰকাৰৰ চাকৰিত নিযুক্তি পাবলৈ হ'লে এই বৰ্ষত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে শিক্ষা বিভাগে অনুষ্ঠিত কৰিবলগীয়া বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বুলিও স্পষ্ট কৰি দিয়া হৈছিল । চৰকাৰ তথা শিক্ষা বিভাগৰ এই সিদ্ধান্তক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।


লগতে পঢ়ক:ডিলাইত আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ মাফিয়া

ABOUT THE AUTHOR

...view details