অসম

assam

By

Published : Jun 25, 2020, 8:55 PM IST

ETV Bharat / state

অনলাইন শিক্ষাৰ বাবে আৰু কোনেও আত্মহত্যা কৰিব নালাগে : প্ৰমিলাৰাণী ব্ৰহ্ম

বিগত ২৩ জুনত চিৰাঙৰ অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈ এগৰাকী ছাত্ৰই বাছি লৈছিল আত্মহ্যাৰ পথ ৷ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া মন্ত্ৰী পৰিষদৰ বৈঠকত এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ৰাজ্যিক চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

minister pramilarani brahma attended a meeting in kokrajhar d.c office
minister pramilarani brahma attended a meeting in kokrajhar d.c office

কোকৰাঝাৰ, 25 জুনঃলক্ ডাউনৰ সময়ছোৱাত মোবাইলযোগে অইনলাইন শিক্ষাৰ ব্যৱস্থা কৰিছিল ৰাজ্যৰ শিক্ষা বিভাগে ৷ কিন্তু এতিয়াও অসমত এনে বহু অঞ্চল আছে য'ত শিক্ষাৰ্থীয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰাতো দূৰৰে কথা বিজুলীবাতিৰ ব্যৱহাৰৰ পৰাও বঞ্চিত হৈ আছে ৷ তেনে পৰিপ্ৰেক্ষিতত সেইসকল শিক্ষাৰ্থীৰ বাবে অনলাইন শিক্ষা যেন এক অবুজ সাঁথৰ ৷ এনে কিছুমান অসুবিধাৰ সন্মুখীন হৈ মানসিকভাৱে ভাগি পৰা চিৰাং জিলাৰ ৰুণীখাতাৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই বিগত ২৩ জুনত বাচি লৈছিল আত্মহত্যাৰ পথ ৷ কিয়নো এটা এণ্ড্ৰইড মোবাইলৰ অভাৱৰ বাবে ছাত্ৰগৰাকী দিব পৰা নাছিল পৰীক্ষা ৷

কোকৰাঝাৰ উপায়ুক্তৰ কাৰ্যলয়ত মন্ত্ৰী প্ৰমিলাৰাণীৰ বৈঠক

সেই ঘটনাক লৈ সমগ্ৰ অঞ্চজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ বৃহস্পতিবাৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন সভাত অংশগ্ৰহণ কৰি, এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ৰাজ্যিক চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে ৷ অহা সোমবাৰে অনুষ্ঠিত হ'বলগীয়া মন্ত্ৰী পৰিষদৰ বৈঠকত এই বিষয় উত্থাপন কৰিব বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমযোগে অৱগত কৰে ৷

লগতে পঢ়কঃকৰিমগঞ্জত বাৰ খোলাক লৈ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details