অসম

assam

ETV Bharat / state

দৰিদ্ৰ খেতিয়কৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই - পাৱাৰ টিলাৰ বিতৰণ কৰিলে মন্ত্ৰী প্ৰমিলা ৰাণীয়েে

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মন্তব্য প্ৰদান কৰি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে , মুখ্যমন্ত্ৰীয়ে ভুল পদক্ষেপ গ্ৰহণ নকৰে ৷ মুখ্যমন্ত্ৰীয়ে সদায়ে থলুৱা জনগোষ্ঠীৰ হিতৰ বাবে কাম কৰে ৷ কৃষক সকলক বছৰি তিনিটাকৈ খেতি কৰিবলৈ আহ্বান জনালে মন্ত্ৰী গৰাকীয়ে ৷

minister pramila rani brahma distribute power tiller among the farmers
বছৰি তিনিটা খেতি কৰিবৰ বাবে কৃষকক আহ্বান জনালে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই

By

Published : Jan 11, 2020, 11:47 PM IST

কোকৰাঝাৰ , 11 জানুৱাৰীঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰীৰ ইৰাকদাও ভৱনত শনিবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত নিজ সমষ্টিৰ দৰিদ্ৰ খেতিয়কৰ মাজত 10 খন পাৱাৰ টিলাৰ বিতৰণ কৰিলে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে নিজ অঞ্চলৰ খেতিয়ক সকলক চৰ অঞ্চলৰ কৃষক সকলৰ দৰে একেডৰা মাটিতে বছৰত তিনিটাকৈ খেতি কৰিবলৈ আহ্বান জনায় ৷ "মাটি আমাৰ আত্মা, খেতি আমাৰ জীৱন" বুলি উল্লেখ কৰি চহকী হ’বৰ বাবে কৃষক সকলক খেতি-বাতিত অধিক গুৰুত্ব প্ৰদান কৰিবৰ বাবে আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷

বছৰি তিনিটা খেতি কৰিবৰ বাবে কৃষকক আহ্বান জনালে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই
আনহাতে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও ভুল সিদ্ধান্ত নলয় আৰু তেখেতে সদায় জনগোষ্ঠী আৰু জনসাধাৰণৰ হিতৰ বাবেই কাম কৰি আহিছে ৷ পৰোক্ষভাৱে নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰাৰ কথা ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে ৷ অনুষ্ঠানটোত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীকে ধৰি আন বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থকাৰ লগতে কোকৰাঝাৰ পূৱ জনজাতি সমষ্টিৰ বহু সংখ্যক কৃষক উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details