কোকৰাঝাৰ,18 জুন:অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ টি ভাইপাইয়ে বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হয় কোকৰাঝাৰত ৷ কিন্তু এই ভ্ৰমণ সম্পৰ্কে আয়োগৰ অধ্যক্ষ ভাইপাইয়ে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য প্ৰদানৰ পৰা বিৰত থাকে ৷ অৱশ্যে আয়োগৰ সদস্য দেৱ কুমাৰ শইকীয়াই ভ্ৰমণ সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে,মহামাৰী কৰ’ণাৰ বাবে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত স্থাপন কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ ৷ বিশেষকৈ বহিঃৰাজ্যত কৰ্মৰত ৰাজ্যখনৰ লোকসকলক এই সময়ছোৱাত ৰখা হৈছে কোৱাৰেণ্টাইনত ৷ কিন্তু একাংশ আৱাসীয়ে খোৱা-বোৱাৰ লগতে আন কিছুমান সা-সামগ্ৰী সময়মতে নোপোৱা বুলি অভিযোগ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এনে দিশবোৰ চোৱাচিতা কৰি সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে মানৱ অধিকাৰ আয়োগৰ দলটো জিলাখনত উপস্থিত হয় ৷ কোকৰাঝাৰৰ লগতে গোৱালপাৰা আৰু ধুবুৰী জিলা ভ্ৰমণ কৰে দলটোৱে ৷ পূৰ্বৰ তুলনাত বৰ্তমান এই কেন্দ্ৰসমূহৰ অৱস্থা বহু উন্নত হোৱাৰ কথা শইকীয়াই প্ৰকাশ কৰি সেৱা আগবঢ়োৱা চিকিৎসকসকলৰ অৱস্থাৰ বিষয়েও বুজ লোৱা দেখা যায় ৷
কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু কাৰাগাৰ পৰিদৰ্শন মানৱ অধিকাৰ আয়োগৰ - human rights commission
কোকৰাঝাৰস্থিত জিলা কাৰাগাৰৰ লগতে ছাই কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰিবলৈ জিলাখনত উপস্থিত হয় ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ এটা দল ৷ এদিনীয়া ভ্ৰমণসূচীৰে দলটো উপস্থিত হয় কোকৰাঝাৰত ৷ পূৰ্বে মানৱ অধিকাৰ আয়োগৰ এটা দলে নগাঁৱৰ কাৰাগাৰ আৰু কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰিস্থিতি পৰিদৰ্শন কৰিছিল ৷
কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু কাৰাগাৰ পৰিদৰ্শন মানৱ অধিকাৰ আয়োগৰ
উল্লেখ্য যে,আয়োগৰ দুজনীয়া সদস্যৰে গঠিত দলটোৱে কোৱাৰেণ্টাইন কেন্দ্ৰৰ উপৰিও কোকৰাঝাৰ জিলা কাৰাগাৰ ভ্ৰমণ কৰাৰ লগতে কঠালগুৰিৰ ছাই চৌহদত স্থাপিত কোৱাৰেণ্টাইন কেন্দ্ৰটো পৰিদৰ্শন কৰাত সন্তোষ প্ৰকাশ কৰে ৰাইজে ৷ ইয়াৰ পূৰ্বে দলটোৱে আৱৰ্ত ভৱনত উপস্থিত হৈ জিলা উপায়ুক্তৰ সৈতে এটি চমু মত-বিনিময়ত অংশগ্ৰহণ কৰি গুৱাহাটীলৈ ৰাওনা হয় ৷