কোকৰাঝাৰ ,16 মাৰ্চ : ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰু দাপিপলচ্ এইডৰ যুটীয়া সহযোগত কোকৰাঝাৰত স্বাস্থ্য আৰু শিক্ষা সজাগতা অনুষ্ঠান । লাইমুটি খেলপথাৰত অনুষ্ঠিত সজাগতা সভাখনৰ লগত সংগতি ৰাখি শনিবাৰে অনুষ্ঠিত হয় এক স্বাস্থ্য শিবিৰ ৷ স্বাস্থ্য শিবিৰত সহস্ৰাধিক লোকৰবিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয় ।
কোকৰাঝাৰত স্বাস্থ্য সজাগতা অনুষ্ঠান - ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰু ডা পিপলচ এইডৰ যুটীয়া সহযোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আয়োজন
বি টি চি স্বাস্থ্য সেৱা যুটীয়া সঞ্চালকে মুকলি কৰা অনুষ্ঠানটোত উদ্বোধনী ভাষণ দিয়ে শ্ৰী উত্তম কুমাৰ ব্ৰক্ষ্মই । আবছুৰ সাধাৰণক সম্পাদক শ্ৰী ল'ৰেন্স ইচলাৰীয়ে মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মানুহৰ মৌলিক অধিকাৰৰ বিষয়ে এক ব্যক্তব্য আগবঢ়ায় । অনুষ্ঠানটোত ডা উচাদ উল্লাহ ,ড0দিগন্তবড়ো,ড0 শুক্লেশ্বৰ বড়ো ,ড0 পি পাঠাৰ ,ড0বিমল মেধি , ড0সুষমা ব্ৰক্ষ্ম , ড0 মিহিৰ কুমাৰ বসুমতাৰী আদি বিশিষ্ঠ ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটোত ডা পিপলচ এইডৰ হৈ শ্ৰী নৱকুমাৰ বসুমতাৰী , শ্ৰী মানেশ্বৰ দৈমাৰী , শ্ৰী ভাৱেশ বসুমতাৰী আৰু মাহাৰ স্বাৰাংগউপস্থিত থাকে৷